৬ মে’,২০২৫ঃ অতিথিয়ে বিপদ মাতিব পাৰে আপোনাৰ শিশুটিলৈ । অতিথিয়ে অনা চিপছৰ বাবে আপোনাৰ ঘৰখনত হ’ব পাৰে বিভীষিকা । এপেকেট চিপছ্ আপোনাৰ সন্তানৰ বাবে হ’ব পাৰে ভয়ংকৰ বিপদ । গতিকে অতিথিয়ে অনা মিঠাইৰ টোপোলাটোত চকু দিয়ক । শিশুলৈ চিপছ্, চকলেট অনা প্ৰথাটো নাইকিয়া কৰা ভাল । চিপছ্, কুৰকুৰি শিশুটিক দিয়াৰ আগত এই লেখনিটো ভালকৈ পঢ়ক ।
শিশুটিৰ স্বাস্থ্যৰ বাবে ভয়ংকৰ, হানিকাৰক হিচাপে চিহ্নিত হৈছে ৫ টকীয়া-১০ টকীয়া চিপছ্ । শিশুটিয়ে ভাল পাব বুলি মা-দেউতাক অথবা অতিথিয়ে সততে অনা দেখা যায় চিপছ্-কুৰকুৰি। চিপছ্ খোৱাৰ অভ্যাসে সৃষ্টি কৰে শিশুটিৰ বেমাৰৰ সমষ্টি । নিতৌ শিশুটিক চিপছ্ খোৱালে কুষ্ঠ-কাঠিন্য ৰোগত আক্ৰান্ত হ’ব পাৰে । ৫-১০ দিন শৌচ নোহোৱা হৈ পৰিব পাৰে আপোনাৰ শিশুটিৰ। শৌচ নহ’লে অত্যন্ত কষ্টত ভুগিব লগা হয় শিশুটিয়ে ।
শৰীৰত অচিন ৰোগৰ কাৰক এই ক’ম দামী চিপছ্ । চিপছ্ত অত্যাধিক নিমখ, চেনী, বিষাক্ত মচলা থকাৰ বাবে এটা সময়ত ভয়ংকৰ সমস্যাত পৰে । ABCT, মধুমেহ আদি বেমাৰৰ কাৰণ হৈ পৰিব পাৰে চিপছ্ খোৱা অভ্যাসৰ বাবে । নিতৌ চিপছ্ খাই থাকিলে হাইপাৰ টেনচন আৰু মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে । গতিকে শিশুক নিতৌ কোনো কাৰণতে নিদিব চিপছ্, কুৰকুৰি, চকলেট, পেকেটিং খাদ্য । আলহীকো শিশুটিৰ বাবে চিপছ্ নানিবলৈ অভিভাৱকে আহ্বান জনাব । কাৰণ দেহা থাকিলেহে বেহা ।
মণ্টু কুমাৰ শইকীয়া, গুৱাহাটী, ৯৮৬৪৫-২১৭৬৫