Home » বন্ধ কৰি দিয়া হ’ল শ্ৰীনগৰ বিমানবন্দৰ, জনতাৰ মাজত হাহাকাৰ!

বন্ধ কৰি দিয়া হ’ল শ্ৰীনগৰ বিমানবন্দৰ, জনতাৰ মাজত হাহাকাৰ!

by admin
0 comments

ভাৰতৰ লক্ষ্যত তচনচ পাকিস্তান।পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত ভাৰতৰ মিছাইল আক্ৰমণ।শত্ৰুৰ প্ৰত‍্যাক্ৰমন ৰুধিবলৈ সাজু ভাৰত।আক্ৰমণৰ পাছতেই এতিয়া সতৰ্কিত হৈ পৰিছে ভাৰতবৰ্ষ।
পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ সন্ত্ৰাসবাদী শিবিৰৰ বিৰুদ্ধে এতিয়া ভাৰতে প্ৰতিশোধমূলক আক্ৰমণ চলোৱাৰ পিছতেই উত্তৰ-পশ্চিম ভাৰতৰ আন কেইবাটাও বিমানবন্দৰৰ লগতে জম্মু-কাশ্মীৰৰ শ্বেখ উল-আলম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ কৰি দিয়া হৈছে

ভাৰতৰ আক্ৰমণ, বিধ্বস্ত পাকিস্তানত
প্ৰায় ১ বাজি ৪৪ মিনিটত ভাৰতৰ মিছাইল আক্ৰমণ ।POKত ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি হৈ পৰিল বিধ্বস্ত।

পাকিস্তানত ভাৰতৰ বিমান আক্ৰমণৰ পিছত এতিয়া আতংকিত হৈ পৰিছে পাকিস্তানী জনসাধাৰণ।কাশ্মীৰৰ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ল’লে ভাৰতে।
গভীৰ নিশা অপাৰেচন সেন্দূৰৰ জৰিয়তে ভাৰতে সন্ত্ৰাসবাদীক ধ্বংস কৰে।ভাৰতৰ এই অভিযানৰ পাছত শ্ৰীনগৰ, লেহ , জম্মু , অমৃতসৰ , আৰু ধৰ্মশালাকে ধৰি প্ৰধান বিমানবন্দৰসমূহত বিমান সেৱা সমূহ বন্ধ কৰি দিয়া হ’ল।

Artical by Abhilasha Das Kalita

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map