Thursday, October 15, 2026
Eng
Home » ট্ৰাম্প কিয় মধ্যস্থতাকাৰী হ’ব খোজে ভাৰত-পাকৰ?

ট্ৰাম্প কিয় মধ্যস্থতাকাৰী হ’ব খোজে ভাৰত-পাকৰ?

by bhaskar saikia
0 comments

ট্ৰাম্প কিয় মধ্যস্থতাকাৰী হ’ব খোজে ভাৰত-পাকৰ?

নিসন্দেহে আমেৰিকা সকলো ক্ষেত্ৰৰ পৰা এখন শক্তিশালী ৰাষ্ট্ৰ। নিসন্দেহে বিশ্ব সমুদায়ৰ সন্মুখত ডোনাল্ড ট্ৰাম্প এজন প্ৰভাৱশালী নেতা। কিন্তু ভাৰত-পাকৰ সংঘৰ্ষৰ এই সময়ছোৱাত এটা পৰ্যায়লৈ প্ৰভাৱশালী নেতাগৰাকী ইমান তৎপৰ কিয়। ট্ৰাম্পৰ কৌশলী স্থিতিত অৱতাৰণা হৈছে বহু প্ৰশ্নৰ। স্বভাৱগত ভাৱেই ট্ৰাম্প কিমান চতুৰ সেয়া নতুনকৈ বুজোৱাতো নিষ্প্ৰয়োজন। আত্মস্বাৰ্থৰ বাবেই ট্ৰাম্পে মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ কাৰন নথকা নহয়। সংঘৰ্ষজৰ্জৰ ভাৰত-পাকৰ এই সময়ছোৱাত পাকিস্তানে বাচি থকা সকলো শক্তি কোনোবাখিনিত উজাৰি দিছে। বাৰে বাৰে ভাৰতক আক্ৰমণৰ বাবে উদ্যত হৈছে। শেহতীয়াকৈ পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰিছিল F 16 । এই F16 ৰ নিৰ্মাণকাৰী ৰাষ্ট্ৰ হৈছে আমেৰিকা। যি F16 ক নিমিষতে ভূপতিত কৰিছিল ভাৰতে। ৰাছিয়াত নিৰ্মিত ভাৰতৰ অত্যাধুনিক এয়াৰ ডিফেঞ্চ চিস্টেম S 400 ৰ অজেয় বিক্ৰমেই ভাৰতক প্ৰতিহত কৰাৰ ক্ষেত্ৰত হেঙাৰ হিচাপে থিয় দিছে। সেই ফালৰ পৰা চাবলৈ গ’লে ক’ৰবাত প্ৰকাৰন্তৰে আমেৰিকাৰ পৰাভূত হৈছে নিজৰ প্ৰযুক্তিগত মাৰনাস্ত্ৰৰ ক্ষেত্ৰত। যিয়ে কোনোবাখিনিত ঈৰ্ষান্বিত কৰি তুলিছে ট্ৰাম্পক। আৰু আহি পৰিছে নিজৰ বেপাৰ বিশ্ব সমুদায়ৰ আগত বেয়া হোৱাৰ শংকা। গতিকে ট্ৰাম্প তৎপৰ হোৱাৰ ক্ষেত্ৰত ইয়ো এটা আঁৰৰ কাহিনী নহয় বুলি নুই কৰিব নোৱাৰি।

You may also like