Home » মানসিক চাপ: কাৰণ আৰু উপায় !

মানসিক চাপ: কাৰণ আৰু উপায় !

by barasha deka
0 comments

১২ মে’, ২০২৫ঃ বৰ্তমান সময়ত সকলোৱে সন্মুখীন হোৱা এক বিশেষ ৰোগ হৈছে মানসিক চাপ । বাল্যৰ পৰা বৃদ্ধলৈ কোনো ব্যক্তিয়েই যেন সাৰি যাব পৰা নাই এই ৰোগৰ পৰা । এতিয়া কথা হ’ল কি এই মানসিক চাপ ? প্ৰকৃততে ই ৰোগ নে আন কিবা ?

মানসিক চাপ হৈছে মনৰ এক অস্থিৰতা । এই অস্থিৰতাই শৰীৰত সৃষ্টি হোৱা পৰিৱৰ্তনক সূচায় । ই খং, মানসিক অস্থিৰতা, উদ্বিগ্নতা আদিৰ উদ্ভাৱন কৰে। মানসিক চাপ বিভিন্ন কাৰণত হ’ব পাৰে ।

কোনো কথাৰ অত্যাধিক চিন্তা কৰিলে, বহুত বেছি ভয় খালে অথবা কোনো ঘটনা বা মানুহৰ দ্বাৰা বেয়াকৈ প্ৰভাৱিত হ’লে এই চাপ হ’ব পাৰে । যেতিয়াই মনৰ মাজত এনে কিছুমান অস্থিৰতা চলি থাকে শৰীৰটো কিছু পৰিবৰ্তন হোৱা পৰিলক্ষিত হয় । যেনে হৃদস্পন্দন বাঢ়ি যোৱা, হাত কপা, উশাহ চুটি হোৱা, অন্যমনস্ক হোৱা লগতে মূৰ ঘুৰণি, জ্বৰ ইত্যাদি শৰীৰৰ ৰোগ সমূহে দেখা দিয়ে ।

চাপ বা Stress আমি বিভিন্ন কাৰণত লওঁ । কেতিয়াবা পঢ়া শুনাৰ বাবে কেতিয়াবা চাকৰিৰ বাবে কেতিয়াবা আকৌ পৰিয়াল, সমাজ ইত্যাদিৰ বাবে ।কিন্তু প্ৰতিটো Stress নেতিবাচক বুলি ক’ব নোৱাৰি । কিয়নো কিছু সংখ্যক Stress এ অপকাৰ নকৰে । যেনে পৰীক্ষা আহিছে বুলি যেতিয়া আমাৰ চিন্তা হৈ পঢ়িবলৈ মন কৰোঁ বা কষ্ট কৰোঁ সেই চিন্তা কেতিয়াও নেতিবাচক হ’ব নোৱাৰে । কিন্তু সেই চিন্তাৰো যেতিয়া সীমা অতিক্ৰম হয়, টোপনি নাইকিয়া কৰে, শৰীৰত প্ৰভাৱ পেলায় তেতিয়া ইয়াক নেতিবাচক বুলি ক’ব পাৰি ।

এই চাপ বা Stress ৰোধ কৰা সহজ নহয় যদিও কিছুমান উপায় অৱলম্বন কৰি আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ । আমি আমাৰ সমস্যাবোৰ বিষয়ে আনৰ আগত অৱগত কৰি নতুবা কোনো বিশেষজ্ঞৰ পৰামৰ্শ লৈ বহু গুনে পৰিত্ৰাণ পাব পাৰোঁ । লগতে কিতাপ পঢ়া, যোগাসন কৰা, বন্ধু-বান্ধৱৰ সৈতে কথা পতা ইত্যাদিৰেও কিছু পৰিমাণে চিন্তাৰ উপশম ঘটাব পাৰোঁ ।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map