Home » অতিমাত্ৰা শীতল পানীয় সেৱনে বিপদত পেলাব পাৰে আপোনাৰ জীৱন !

অতিমাত্ৰা শীতল পানীয় সেৱনে বিপদত পেলাব পাৰে আপোনাৰ জীৱন !

by pompy das
0 comments

১৭ মে’, ২০২৫ঃ লাহে লাহে আৰম্ভ হৈ পৰিছে গ্ৰীষ্মকাল ৷ গৰম দিন আৰম্ভ হোৱাৰ লগে লগেই আমি সকলোৱে অতিমাত্ৰা শীতল। পানীয় বা কোল্ড ড্ৰিংকছ সেৱন কৰিবলৈ আৰম্ভ কৰোঁ ৷ কিন্তু আপুনি কেতিয়াবা ভাবিছে নে, এই শীতল পানীয়ই আৰু বজাৰত পোৱা নানা ৰঙীন কোল্ড ড্ৰিংকছে। আমাৰ স্বাহ্যৰ ওপৰত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷

শীতল পানীয়ত অধিক মাত্ৰাত ফ্ৰুক্ট’জ পোৱা যায়, যাৰ বাবে পেটত চৰ্বি জমা হ’ব পাৰে ৷ পেটত চৰ্বি বৃদ্ধি হোৱাৰ অৰ্থ হ’ল ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ লগত জড়িত ৰোগে আপোনাৰ দেহত ক্ষতি কৰিব পাৰে৷

আনহাতে শীতল পানীয় সেৱনৰ ফলত আমাৰ যকৃতৰ বহু ক্ষতি হয় । আচলতে যেতিয়া কল্ড ড্ৰিংকছ অতিমাত্ৰা সেৱন কৰা হয়, তেতিয়া যকৃতটো অস্বাভাৱিকভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে । ইয়াৰ ফলত নন-এলকহলিক ফেটি লিভাৰ ডিজিজ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷

আৰু ইয়াৰোপৰি শীতল পানীয়ৰ বাবে তেজত শৰ্কৰা বৃদ্ধি হোৱাৰ আশংকাও থাকে । কাৰণ শৰীৰ ইনচুলিন প্ৰতিৰোধী হৈ পৰে । ইনচুলিনৰ কাম হ’ল তেজৰ পৰা গ্লুক’জ কোষলৈ লৈ যোৱা । শীতল পানীয়ৰ বাবে কোষবোৰ ইনচুলিনৰ প্ৰভাৱৰ প্ৰতি কম সংবেদনশীল হৈ পৰে । গতিকে অধিক মাত্ৰা শীতল পানীয় সেৱন আমাৰ শৰীৰৰ বাবে মাৰাত্মক হ’ব পাৰে ৷

You may also like