অৱশেষত গাজাত যুদ্ধবিৰতি বলৱৎ কৰা হ’ল । পিছুৱাই আহিলে হামাজ-ইজৰাইলৰ সেনা। প্ৰায় ৬০ হাজাৰৰো অধিক নাগৰিকৰ মৃত্যু হ’ল মধ্যপ্ৰাচ্যত হোৱা ভয়াৱহ যুদ্ধৰ ফলত। ২ বছৰ ধৰি অবিৰতভাৱে চলি থকা যুদ্ধৰ অৱসান ঘটাই দুয়োপক্ষৰ সেনাই সন্মতি প্ৰদান কৰিলে যুদ্ধবিৰতিৰ চুক্তিত। শীঘ্ৰেই ইজৰাইলী বন্দিত্বত মুকলি কৰি দিব হামাছে। ইজৰাইলৰ হামাছৰ যুদ্ধবিৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ২০ টা নীতিৰ সূত্ৰ থকা শান্তি চুক্তিৰ এয়া প্ৰথম পৰ্যায়। আজি (শুক্ৰবাৰে) ইজৰাইলী সেনাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয় শান্তি চুক্তিৰ। এই চুক্তিয়ে মধ্য প্ৰাচ্যত কিছু পৰিমাণৰ হ’লেও শান্তিৰ বাতাবৰণ সৃষ্টি কৰিলে। শুকুৰবাৰে দিনৰ ১২ বজাৰ পৰা কাৰ্যকৰী কৰা হৈছে শান্তি চুক্তিৰ। ইতিমধ্যে দুই পক্ষৰ বন্দিত্বক উভতাই পঠিওৱাৰো কাম আৰম্ভ কৰা হৈছে। গাজাৰ দক্ষণ প্ৰান্ত সম্পূৰ্ণৰূপে দখল কৰা ইজৰাইলী সেনাই পুনৰ হামাছক ঘূৰাই দিবলৈয়ো সন্মতি প্ৰদান কৰিছে। গাজাৰ-ইজৰাইলৰ শান্তি চুক্তিক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ কূটনৈতিক সফলতা বুলি স্বীকাৰ কৰিছে আমেৰিকা সমৰ্থিত বহু ৰাষ্ট্ৰই। ২ বছৰ ধৰি চলি থকা ধাৰাবাহিক যুদ্ধৰ পৰিসমাপ্তিৰ পিছতেই মধ্য প্ৰাচ্যত খলকনিৰ সৃষ্টি কৰিছে। কাৰণ গাজাত হাজাৰ হাজাৰ নাগৰিকৰ মৃত্যুৰ পিছতেই সমগ্ৰ বিশ্বতেই মানৱীয়তাৰ প্ৰমূল্যবোধ নষ্ট হোৱাৰ দিশটো বাৰে বাৰে প্ৰতিফলিত হৈছিল। তাৰ মাজতেই এনে খবৰে এতিয়া ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই ভৱিষ্যত নিৰ্মাণ আৰু আৰু বিকাশৰ বাবে এটা নতুন দিশত অৱতীৰ্ণ হ’ব ।
গাজাৰ যুদ্ধবিৰতিয়ে নিৰ্ণয় কৰিব বিশ্বনীতিৰ ভৱিষ্যৎ!
গাজাৰ যুদ্ধবিৰতিয়ে নিৰ্ণয় কৰিব বিশ্বনীতিৰ ভৱিষ্যৎ!
125
previous post