Home » আপোনাৰ নখতো বগা দাগ পৰিছে নেকি? ইয়াৰ লক্ষণ মাৰাত্মক বেমাৰ হ’ব পাৰে,সাৱধান হওঁক….

আপোনাৰ নখতো বগা দাগ পৰিছে নেকি? ইয়াৰ লক্ষণ মাৰাত্মক বেমাৰ হ’ব পাৰে,সাৱধান হওঁক….

by pompy das
0 comments

প্ৰায়ে দেখা যায় হাতৰ যত্ন লোৱাসকলে প্ৰায়ে নখৰ বিশেষভাৱে যত্ন লয় । আচলতে আমাৰ হাতৰ সৌন্দৰ্য বৃদ্ধিত নখে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । কিন্তু আপুনি জানেনে যে আপোনাৰ নখৰ সহায়ত আপুনি আপোনাৰ স্বাস্থ্যৰ বিষয়েও জানিব পাৰে । নখত থকা বগা দাগ আমাৰ শৰীৰৰ বাবে হানিকাৰক নেকি? প্ৰায় সংখ্যাক লোকৰ হাতৰ নখত বগা দাগ পৰা দেখা যায়৷ ই সচৰাচৰ নেট ট্ৰমাৰ বাবে হ’ব পাৰে৷
নেট ট্ৰমা হৈছে এক “fungal infection”
প্ৰায়ে নখত বগা দাগ দেখা পালে মানুহে ইয়াক গুৰুত্বসহকাৰে লোৱা দেখা নাযায়, কিন্তু যদি আপুনি নখত বগা দাগ দেখা পায়, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰক । আচলতে বগা দাগ ভেঁকুৰৰ সংক্ৰমণৰ লক্ষণো হ’ব পাৰে৷ সচৰাচৰ আমাৰ মাজত এই সমস্যা প্ৰায়ে দেখিবলৈ পোৱা যায়৷ শৰীৰত যেতিয়া কোনো যৌগক অভাৱ ঘটে তেতিয়া এনে বগা দাগবোৰ নখত দেখা যায়৷ আনহাতে নখত কেলচিয়ামৰ অভাৱ ঘটিলেও এনে বগা দাগ দেখা যায়৷ জানিব পৰা মতে শৰীৰত ৰোগ প্ৰতিৰোধ কৰাৰ বিশেষ ক্ষমতা থাকে জিংকৰ৷ কিছুমান বিশেষ খাদ্য খালে জিংকৰ অভাৱ দূৰ কৰিব পাৰি৷ তাৰ ভিতৰত সাগৰীয় খাদ্য, কণী, মাংস, ব্ৰকলি, ভেঁকুৰ, কচু, নহৰু, ডাৰ্ক চকলেট আদি খালে শৰীৰৰ পৰা জিংকৰ অভাৱ দূৰ হয়৷খাদ্য পৰামৰ্শদাতাসকলৰ মতে নখৰ বগা দাগটো শৰীৰত জিংকৰ অভাৱৰ বাবেও হয় ৷
সেয়েহে এনে সমস্যাৰ সন্মুখীন হ’লে তাৎক্ষণিক ভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়৷

You may also like