Saturday, January 17, 2026
Eng
Home » ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ !

ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ !

by pompy das
0 comments

ৰাজ্যত বতৰে লৈছে ভয়াৱহ ৰূপ !- ২৬ মে’,২০২৫
ৰাজ্যৰ ১০ জিলাত স্কুল-কলেজ বন্ধ ঘোষণা৷

অসমকে ধৰি দেশৰ ভিন্নপ্ৰান্তত বতৰে লৈছে ভয়াৱহ ৰূপ। কেৰেলা, কৰ্ণাটক, দিল্লীকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত মুষলধাৰ বৰষুণ, ধুমুহা অব্যাহত আছে।
বতৰৰ কালৰূপৰ বাবেই কেৰালাৰ পাঠানামথিত্তা, এৰ্নাকুলাম, থ্ৰিছুৰ, মালাপ্পুৰম, কোজিকোড, ৱায়ানাড, কন্নুৰ আৰু কাছাৰগোডকে ধৰি বহুকেইখন জিলাৰে সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে৷ ইফালে দেশৰ ৰাজধানী দিল্লীতো নেৰানেপেৰা বৰষুণৰ ফলত
কৃত্ৰিমবান পৰিস্থিতিৰ সৃষ্টি হয়৷ কৃত্ৰিমবানৰ ফলত দুৰ্ভোগ ভুগিব লগা হৈছে দিল্লীবাসী ৰাইজে৷
শেহতীয়াকৈ কেৰালাৰ ১১খন জিলাত কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগে ৰেড এলাৰ্ট জাৰি কৰে

You may also like