Saturday, June 14, 2025
Home » এখন পৰিত্যক্ত বাহনক লৈ কেইবাঘণ্টা ধৰি চাঞ্চল্য,তাৰ পাছত ঘটিল এক অকল্পনীয় ঘটনা–

এখন পৰিত্যক্ত বাহনক লৈ কেইবাঘণ্টা ধৰি চাঞ্চল্য,তাৰ পাছত ঘটিল এক অকল্পনীয় ঘটনা–

by admin
0 comments

নিউজ ডেক্স-এটা মাত্ৰ ভুল সিদ্ধান্ত।এটা সিদ্ধান্তই নিমিষতে শেষ কৰিলে এটা ৭জনীয়া পৰিয়াল।ঘটনাতো হাৰিয়ানাৰ পঞ্চকুলা এলেকাৰ। আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি পঞ্চকুলাব চেক্টৰ ২৭ এলেকাৰ এখন ঘৰৰ সন্মুখত ৰাস্তাৰ কাষত ঠিয় দি আছিল এখন বাহন। সেই বাহনখন ভিতৰৰ পৰা লক কৰা আছিল। দীর্ঘ সময় ধৰি বাহনখন ৰাস্তাৰ কাষ থিয় হৈ থকা দেখি স্থানীয় লোকৰ সন্দেহ ওপজাত আৰক্ষীক খবৰ দিয়ে। লগে লগেই সেই স্থানত আৰক্ষী উপস্থিত হৈ বাহনখন খোলাৰ
ব্যৱস্থা কৰে। আৰক্ষীৰ অপ্ৰাণ চেষ্টাৰ পাছত বাহনখন খোলা হ’ল যদিও মূহুৰ্ততে হাহাকাৰ লাগে।কিয়নো ৰাস্তাৰ কাষত ৰৈ থকা বাহনখনৰ পৰা এটা বা দুটা নহয়, এটাৰ পাছত এটাকৈ মুঠ ৭টাকৈ মৃতদেহ উদ্ধাৰ হয়।

৭টাকৈ মৃতদেহ উদ্ধাৰৰ পাছতেই হাৰিয়ানা আৰক্ষীয়ে ক্ষীপ্ৰ গতিত আৰম্ভ কৰে তদন্ত।তাৰ পাছতেই পোহৰলৈ আহে ইটোৰ পাছত সিটোকৈ চাঞ্চল্যকৰ তথ্য।আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি ৭জনীয়া পৰিয়ালটোৰ মূৰত আছিল ঋণৰ সহিব নোৱৰা বোজা। এই চাপ সহ্য কৰিব নোৱাৰিৱেই একেলগে আত্মঘাতী হল একেটা পৰিয়ালৰে ৭জনীয়া সদস্য। মৃত পৰিয়ালটো ডেৰাড়ুনৰ বাসিন্দা বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। সোমবাৰে নিশা পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই বিষ সেৱন কৰি আত্মহননৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। যিখন বাহনত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ হৈছে তাতেই পোৱা গৈছে এখন ছুইচাইড নোটো, য’ত উল্লেখ আছে যে ঋণৰ বোজাৰ বাবেই তেওঁলোকে এই সিদ্ধান্ত গ্রহণ কৰিছে।
বাহনৰ পৰা উদ্ধাৰ হৈছে প্রবীণ মিত্তল, প্রবীণৰ পিতৃ-মাতৃ আৰু তেওঁৰ পত্নী আৰু তিনি নাবালক সন্তান। ডেৰাডুনৰ বাসিন্দা প্রবীণ মিত্তাল আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে পঞ্চকুলাত থকা বাঘেশ্বৰ ধামৰ ধৰ্মীয় অনুষ্ঠানত যোগ দিবৰ বাবে আহিছিল। সোমবাৰে সেই অনুষ্ঠানত যোগ দিয়াৰ পাছতেই বাহনেৰে ঘৰলৈ উভতাৰ পথত তেওঁলোকে চৰম সিদ্ধান্ত গ্রহণ কৰে।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map