২৮ মে’, ২০২৫ঃ ২০০৮ চনৰ ১৮ এপ্ৰিল তাৰিখে আৰম্ভ হোৱা ইণ্ডিয়ান প্ৰেমিয়াৰ লীগ চমুকৈ আই পি এল আজি বিশ্বৰ ভিতৰতে ক্ৰিকেট জগতৰ অন্যতম এখন ব্যয় বহুল খেল। সকলো দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা উক্ত আন্ত ৰাষ্ট্ৰীয় দল সমূহে নিজৰ দলৰ বিপক্ষেও খেলিবলৈ সুবিধা পায়। ২০ অভাৰৰ উক্ত খেলখনত অতি জাক জমকতাৰে সম্পন্ন কৰা হয়। খেলুৱৈয়ে কোবোৱা প্ৰতিটো ৬ বা ৪ত বলিউডৰ চিয়েৰ লীডাৰে উদ্যাম নৃত্য দেখিবলৈ পোৱা যায়।
উল্লেখযোগ্য কথাটো হ’ল ২০২৫ চনৰ আই পি এল খেলৰ বাবে লক্ষ্ণৌ ছুপাৰ জিয়েণ্টছৰ ৰিচভ পইন্টক সৰ্বাধিক ২৭ কোটি টকাত নিলাম প্ৰক্ৰিয়াত ক্ৰয় কৰে উক্ত দলটোৱে। এইবাৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে কৰা অমানবিক হত্যা প্ৰক্ৰিয়াৰ বাবে ভাৰতে “অপাৰেশ্যন সিন্দূৰ”ৰ যোগেদি সন্ত্ৰাসবাদী কাৰ্য্য কালাপক সংস্থাপন দিয়া পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ে। আই পি এল ৰ প্ৰসঙ্গ এই বাবেই আকৌ আহিছে চৰ্চালৈ।
বি চি চি আইয়ে এইবাৰ আই পি এলৰ সামৰণি অনুষ্ঠান ভাৰতীয় সামৰিক বাহিনীৰ নামত উৎসৰ্গা কৰিছে। জুৱা, উদ্দ্যাম নৃত্য আদিৰে সততে বিতৰ্কত থকা আই পি এলে এইবাৰ সামৰিক বাহিনীৰ প্ৰতি সকলো কৃতজ্ঞতা প্ৰকাশ কৰি সঁচাকৈ লেখত ল’বলগীয়া কাৰ্য কৰি দেখুৱালে। উল্লেখ্য থাকে যে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ জহত আক্ৰমণৰ আশংকাত মাজতে কেইদিন মানৰ বাবে এই খেল খন বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ আহি পৰিছিল। আমি আকৌ এবাৰ কওঁ সন্ত্ৰাসবাদ নিপাত যাঁওক।