আধুনিক নগৰ গুৱাহাটী মহানগৰী বৰ্তমান অসমৰ হাৰ্টবিট । যদিও কোনো কাল কোনো দিন উন্নয়নৰ ওৰ নপৰা মহানগৰী এতিয়াও এক প্ৰধান সমস্যাত জীয়াতু ভুগি আছে সেয়া হ’ল – কৃত্ৰিম বানপানী । প্ৰতিবছৰে বৰষুণৰ সময়ত উন্নয়নমুখী গুৱাহাটীৰ বহু অঞ্চল বানৰ কবলত ডুব যায় আৰু সকলোৰে জীৱন অচল হৈ পৰে । এই সমস্যা কেৱল বৰষুণৰ বাবেই যে তেনে নহয় বৰঞ্চ ই মানুহে নিজে সৃষ্টি কৰা এক বিপদ হে ।
*কেনেকৈ হয় গুৱাহাটীত কৃত্ৰিম বানপানী?
1. ড্ৰেইনেজ ব্যৱস্থাৰ অব্যৱস্থা:
গুৱাহাটীৰ ড্ৰেইনৰ বেছিভাগেই দীৰ্ঘদিন ধৰি সংস্কাৰ নোহোৱা, বন্ধ বা আবৰ্জনাৰে পৰিপূৰ্ণ । ফলত বৰষুণৰ পানী সঠিকভাৱে পাৰ কৰাব নোৱাৰে আৰু সেই পানী ৰাস্তালৈ উবৰি আহে ।
2. পাহাৰ খননৰ ফলত ভূমি ক্ষয়:
পাহাৰৰ উপৰৰ পৰা নামি অহা পানীয়ে সঠিকভাবে বৈ যাবলৈ পথ নাপায়, আৰু সমতল অঞ্চলত জমি বানপানীৰ সৃষ্টি কৰে ।
3. নলা আৰু জলাশয় দখল:
কামাখ্যা, বটদ্রৱা, হাটিগাঁও, চেনীকুঠি, নুনমাটি, বামুনিমৈদাম আদি অঞ্চলত বহু নলা আৰু জলাশয় ব্যক্তিগত অথবা ৰাজনৈতিক স্বার্থত ভৰাই পেলোৱা হৈছে ।
4. অসচেতন নাগৰিকৰ আচৰণ:
প্লাষ্টিক, আবৰ্জনা আদি নলাত পেলোৱাটো গুৱাহাটীত এক সাধাৰণ ঘটনা । এইবোৰে পানীৰ পথ বন্ধ কৰি কৃত্ৰিম বানৰ সৃষ্টি কৰে।
*প্ৰভাৱসমূহ:
চাৰিওফালে যানজঁট, বিদ্যালয়-কাৰ্যালয় বন্ধ, সংক্ৰমণ ৰোগ বৃদ্ধি (ডেঙ্গু, মেলেৰিয়া), আৰ্থিক ক্ষতি আৰু জীৱন-যাপনত সমস্যা বৃদ্ধি ।
*সমাধানৰ দিশত পদক্ষেপ:
1. ড্ৰেইন আৰু নলাৰ নিয়মিত পৰিস্কাৰ
2. প্লাষ্টিকৰ ব্যৱহাৰ সীমিতকৰণ
4. নগৰ পৰিকল্পনাত জলবায়ু উপযোগী নক্সা
5. জনসচেতনতা বৃদ্ধি (স্কুল-কলেজ আৰু সংবাদ মাধ্যমৰ জৰিয়তে)
গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী সমস্যা কেৱল প্ৰাকৃতিক নহয়, ই হৈছে মুঠেই এক পৰিকল্পনাহীন উন্নয়ন আৰু জনসচেতনতাৰ অভাৱৰ ফলাফল। এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে চৰকাৰ, স্থানীয় স্বশাসিত সংস্থা, আৰু সাধাৰণ ৰাইজ সকলোৱে একেলগে দায়িত্বশীলভাৱে আগবাঢ়ি আহিব লাগিব। নহ’লে উন্নয়ন আৰু বিপদ দুয়ো একেলগে হাত ধৰি আগবাঢ়ি থাকিব ।