Home » গুৰৰ চমৎকাৰী গুণ জানিলে আপুনিও হ’ব আচৰিত!

গুৰৰ চমৎকাৰী গুণ জানিলে আপুনিও হ’ব আচৰিত!

by Abhilasha das kalita
0 comments

গুৰৰ চমৎকাৰী গুণ জানিলে আপুনিও হ’ব আচৰিত!- ২৯ মে’,২০২৫

এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস:

এটুকুৰা গুৰে বৃদ্ধি কৰিব পাৰে আপোনাৰ আয়ুস। আপোনাক কৰি ৰাখিব পাৰে নিৰোগী ৷ গুৰ বিভিন্ন ক্ষেত্ৰত স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী । গুৰ প্ৰাকৃতিকভাৱে মিঠা আৰু সাধাৰণতে আহাৰ খোৱাৰ পাছত বা চাহৰ লগত গুৰ খোৱা হয় । কুঁহিয়াৰৰ ৰস উতলাই গুৰ তৈয়াৰ কৰা হয় ।

ভাৰতত ঘৰে ঘৰে ব্যৱহাৰ হয় গুৰ । কিন্তু এই গুৰৰ যে কিছু চমৎকাৰী গুণ আছে আৰু মানুহৰ যে আয়ুস বৃদ্ধি কৰিব পাৰে গুৰে,সেয়া হয়তো বহুতে নাজানে বা জানিবলৈ চেষ্টা কৰা নাই । গুৰত প্ৰটিন,বিভিন্ন ভিটামিন, কেলচিয়াম, আইৰণ আদি বহু উপকাৰী উপাদান থাকে । গুৰত ক্ষতিকাৰক চৰ্বি নাই । জানো আহক গুৰৰ চমৎকাৰী গুণসমূহ ৷

ওজন হ্ৰাস : আধুনিক যুগত মানুহৰ এক প্ৰধান সমস্যা মেদ-বহুলতা । গুৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে । পটাচিয়ামে মানৱ শৰীৰত ইলেক্ট্র’লাইটৰ ভাৰসাম্য ৰখাৰ লগতে পানী ধৰি ৰখাৰ সমস্যাও সমাধান কৰে । যাৰ বাবে শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে গুৰে ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি : গুৰ এন্টিঅক্সিডেন্ট, জিংক আৰু চেলেনীয়ামেৰে ভৰপুৰ । ই মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰাৰ লগতে বিভিন্ন বীজাণুক বাধা দিয়ে । গুৰে মানৱ শৰীৰত হিমগ্লোবিন বৃদ্ধি কৰে ।

কৌষ্ঠকাঠিন্যৰ পৰা সকাহ :** গুৰে পাচন এনজাইমসমূহ বৃদ্ধি কৰি মানৱ শৰীৰৰ পাচন-তন্ত্ৰ শক্তিশালী কৰে । যাৰ বাবে পাকস্থলীত কৌষ্ঠকাঠিন্যৰ সৃষ্টি নহয় । গুৰে পাকস্থলীত শৌচ জমা হবলৈ নিদিয়ে । আহাৰৰ পাছত এটুকুৰা গুৰ খালে হজম শক্তি উন্নত হয় ।

ঋতুশ্রাৱৰ বিষ উপশম : মহিলাসকলৰ এক অন্যতম প্ৰদান সমস্যা হৈছে ঋতুশ্রাৱৰ বিষ । গুৰত এন্দুৰফিন নামৰ এক উপকাৰী উপাদান থাকে যি ঋতুশ্রাৱৰ বিষ আৰু ক্রেম্প নাইকিয়া কৰাৰ লগতে মানসিক শক্তি বৃদ্ধি কৰে ।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map