Saturday, June 14, 2025
Home » সেউজীয়া শাক-পাচলিৰ উপকাৰিতা

সেউজীয়া শাক-পাচলিৰ উপকাৰিতা

by surabhi barman
0 comments

সেউজীয়া শাক-পাচলিৰ উপকাৰিতা-২৯ মে’২০২৫

আমি কিয় সেউজীয়া পাচলি খাব লাগে? কোনকেইবিধ পাচলি আমাৰ শৰীৰৰ বাবে অতি বেছি প্ৰয়োজন?
আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। এই পাচলিসমূহৰ সেৱনে আমাৰ শৰীৰক কেনেধৰণে উপকাৰ কৰে তাৰ বিষয়ে বিবৰি কলে ডাক্তৰ মেধিয়ে।
আজিৰ দ্রুত গতিৰ জীৱনশৈলীত সুস্থ থকাৰ বাবে সেউজীয়া পাচলিৰ গুৰুত্ব অপৰিসীম। এই বিষয়ে ডাক্তৰ পল ৰবচন মেধিয়ে জনাইছে যে এই পাচলিসমূহ আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী। এই পাচলিসমূহৰ সেৱনে আমাৰ শৰীৰক কেনেধৰণে উপকাৰ কৰে তাৰ বিষয়ে বিবৰি কলে ডাক্তৰ মেধিয়ে।
কৰ্কট ৰোগ প্ৰতিৰোধ:
সপ্তাহত ২-৩ বাৰ সেউজীয়া পাচলি খালে পেট, স্তন আৰু চৰ্মৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়। ইয়াত থকা এণ্টিঅক্সিডেণ্টে কৰ্কট ৰোগৰ কোষ বৃদ্ধি ৰোধ কৰে।
হাড়ৰ সুস্থতা:
গাঢ় সেউজীয়া পাচলিত থকা ভিটামিন কে’য়ে অষ্টিঅ’পৰ’চিছৰ পৰা হাড়সমূহক ৰক্ষা কৰে। বয়সৰ লগে লগে হাড়ৰ ক্ষয় ৰোধ কৰাত ই বিশেষ সহায়ক।
চকুৰ স্বাস্থ্য:
লুটিন আৰু জিয়েক্সেনথিন নামৰ পুষ্টি উপাদানে বয়স সম্পৰ্কীয় চকুৰ ৰোগসমূহৰ পৰা ৰক্ষা কৰে। এই উপাদান দুটা সেউজীয়া পাচলিত প্ৰচুৰ পৰিমাণে পোৱা যায়।
হৃদৰোগ প্ৰতিৰোধ:
ডাক্তৰ মেধিয়ে জনাই যে ২০২১ চনৰ এক গৱেষণাত দেখা গৈছে যে দৈনিক এসাজসেউজীয়া পাচলি খালে হৃদৰোগৰ আশংকা উল্লেখযোগ্যভাৱে হ্ৰাস পায়।
মানসিক সক্ষমতা:
নিয়মীয়াকৈ সেউজীয়া পাচলি খোৱা লোকসকলৰ মানসিক সক্ষমতা বেছি দিনলৈ অটুট থাকে। স্মৃতিশক্তি হ্ৰাসৰ গতি বহু পৰিমানে কমি যায়।
মাংসপেশীৰ শক্তি:
ডাক্তৰ মেধিয়ে জনোৱা মতে গৱেষণাত প্ৰমাণিত হৈছে যে সেউজীয়া পাচলি খোৱা ব্যক্তিসকলৰ মাংসপেশীৰ শক্তি বৃদ্ধি পায়।
পাচনতন্ত্ৰৰ স্বাস্থ্য:
সেউজীয়া পাচলিত থকা ফাইবাৰে পাচনতন্ত্ৰত উপকাৰী বেক্টেৰিয়াৰ বৃদ্ধিত সহায় কৰে, হজম শক্তি বৃদ্ধি কৰে, ৰক্তত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু পেটৰ প্ৰদাহ হ্ৰাস কৰে।
কেইবিধমান উল্লেখযোগ্য সেউজীয়া পাচলিব্ৰ’কলি, পালেং শাক, লাই শাক, ফুলকবি আদি। এইকেবিধ পাচলি আমাৰ শৰীৰৰ বাবে যথেষ্ঠ উপকাৰী। সেয়ে প্ৰতিদিনে আমি এনেধৰণৰ পাচলি খোৱাটো প্ৰয়োজন ।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map