Monday, February 16, 2026
Eng
Home » ধুমপান এক বিপজ্জনক অভ্যাস

ধুমপান এক বিপজ্জনক অভ্যাস

by bikram sharma
0 comments

৭ জুন, ২০২৫ঃ ধুমপান এক বিপজ্জনক অভ্যাসঃ

ধুমপান মানৱ স্বাস্থ্যৰ বাবে এক অত্যন্ত বিপজ্জনক অভ্যাস। ই কেৱল ধুমপায়ী ব্যক্তিজনৰেই নহয়, তেওঁৰ চাৰিওফালে থকা লোকৰো স্বাস্থ্যৰ গভীৰ ক্ষতিসাধন কৰে। এই অভ্যাসটো সাধাৰণতে চিগাৰেট, বিড়ি, হুক্কা আদি ধুমায়িত তামাকজাত বস্তু ব্যৱহাৰৰ মাধ্যমেৰে চলি আহিছে।

ধুমপানৰ ক্ষতিকাৰক প্ৰভাৱঃ

ধুমপানত থকা নিকোটিন, টাৰ, আৰু অন্যান্য ৰাসায়নিক দ্ৰব্যবোৰ শৰীৰৰ বহু অংগত ক্ষতি সাধন কৰে। ইয়াৰ প্ৰধান কু-প্ৰভাৱসমূহ হ’ল:

শ্বাস প্ৰণালীৰ ৰোগ: ধুমপান ফুসফুস কেঞ্চাৰ, ক্ৰনিক ব্ৰংকাইটিছ আৰু এম্ফাইজেমৰ দৰে ৰোগৰ মুখ্য কাৰণ।

হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি: ইয়াত থকা ৰাসায়নিক পদাৰ্থবোৰে ৰক্তনালীবোৰ সংকুচিত কৰে, যাৰ ফলত হৃদৰোগ আৰু ষ্ট্ৰ’কৰ আশংকা বৃদ্ধি পায়।

গৰ্ভৱতী মহিলাৰ ক্ষতি: গৰ্ভৰ শিশুৰ বিকাশত প্ৰভাৱ পেলায় আৰু শিশুৰ কম ওজন বা জন্মকালীন জটিলতা ঘটাব পাৰে।

দ্বিতীয় পক্ষীয় ধুমপান : ধুমপায়ীৰ কাষত থকা ব্যক্তিও ধুমপানৰ ধোঁৱাই ক্ষতিগ্রস্ত হয়, বিশেষকৈ শিশুবোৰ।

আৰ্থ-সামাজিক দৃষ্টিকোণত ধুমপান

ধুমপানৰ বাবে বছৰি কোটি কোটি টকাৰ চিকিৎসা ব্যয় হয়। ইয়াৰ উপৰিও ধুমপানজনিত ৰোগৰ ফলত মানুহে কৰ্মক্ষমতা হেৰুৱায় আৰু সমাজৰ উৎপাদনক্ষমতা হ্ৰাস পায়। বহু পঢ়া-শুনা কৰা যুৱক-যুৱতীয়ে মাত্ৰ বন্ধুবান্ধৱৰ প্ৰভাৱ বা কৌতুহলৰ বাবে ধুমপান আৰম্ভ কৰে, যি পিছলৈ নিচাৰ ৰূপ লয়।

ধুমপান বন্ধৰ উপায়সমূহঃ

ধুমপান এৰি দিয়া কঠিন হ’লেও, ই সম্ভৱ। ইয়াৰ বাবে মনোবল আৰু ইচ্ছাশক্তি প্ৰধান ভূমিকা গ্ৰহণ কৰে।
পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সহানুভূতি সহায় কৰে। চিকিৎসকৰ পৰামৰ্শ, নিকোটিন ৰিপ্লেছমেন্ট থেৰাপী (NRT), পৰামৰ্শদান শিবিৰ আদি ব্যৱহাৰ কৰিব পাৰি।

উপসংহাৰঃ

ধুমপান মানৱ জাতিৰ বাবে এক মৌন হত্যাকাৰী। সেয়া বৰ্তমান সময়ত ধুমপানৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰা অতন্ত্য প্ৰয়োজন। নতুন প্ৰজন্মক এই অভ্যাসৰ পৰা দূৰ ৰাখিবৰ বাবে শিক্ষাগত প্ৰচেষ্টা আৰু সামাজিক সহায় অতি জৰুৰী।

You may also like