৭ জুন, ২০২৫ঃ লুইতৰ চাপৰিত কৰে নাৱৰীয়া
লুইতৰ চাপৰিত কৰে নাৱৰীয়া
বালিত ভাতে ৰান্ধি খায়
সাউদৰ ডিঙৰা বগা পালে তৰা
উজনি দেশলৈ যায়।
আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস । পাৰ্বতী প্ৰসাদ বৰুৱা আজি আমাৰ মাজত নাই যদিও তেখেতৰ সৃষ্টিৰাজিৰ চৰ্চা এতিয়াও অব্যাহত আছে । অসমীয়া গীতি-কাব্য সাহিত্যৰ অতি চিনাকি নাম পাৰ্বতি প্ৰসাদ বৰুৱা । অসমীয়া গীতি-কাব্য সাহিত্যত অমূল্য অৱদান আগবঢ়াই গৈছে এইগৰাকী বিশাল প্ৰতিভাসম্পন্ন ব্যক্তিয়ে । ১৯০৪ চনৰ ১৯ আগষ্টত শিৱসাগৰৰ দিখৌপাৰৰ এটা সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে কৰ্মসূত্ৰে সোণাৰিৰ স্থায়ী বাসিন্দা হৈ জীৱনৰ সৰহখিনি কাল সোণাৰিতে কটাইছিল । ঐতিহাসিক চৰাইদেউৰ সোণাৰিত আজিও গীতিকবিৰ স্মৃতি বিৰাজমান । সৰু-চৰাইত ‘জোনাকী মেল’ৰ পাতনি মেলা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা অসমীয়া সাংস্কৃতিক জগতখনৰ এগৰাকী চিৰনমস্য পুৰোধা ব্যক্তি। তেওঁ চতুৰ্থখন অসমীয়া ছবি ‘ৰূপহী’ৰ নিৰ্মাতা, নাট্যকাৰ যদিও মূলত গীতি-কবিতাৰে অসমীয়া সাহিত্য জগতত এক সুকীয়া স্থান দখল কৰিছিল । পাৰ্বতী প্ৰসাদৰ গীত-কবিতাসমূহে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্যত এক নতুন পৰিচয় লাভ কৰিছিল ৷ পাৰ্বতী প্ৰসাদ বৰুৱাই গীত-কবিতাসমূহক সুৰ দি নিজে কণ্ঠদান কৰি যি অমৰত্ব প্ৰদান কৰিলে, সেই গীতে অসমীয়া সংগীত জগতখনক চহকী কৰি ৰাখিব যুগ-যুগান্তৰলৈ । এইগৰাকী মহান অসমীয়া তথা অসমীয়া কলা-সংস্কৃতিৰ ধাৰক আৰু বাহকৰ ১৯৬৪ চনৰ ৭ জুন তাৰিখে মৃত্যু হয়। আজি তেখেতৰ স্মৃতিত তেখেতলৈ সশ্রদ্ধ প্রণাম।