Saturday, June 14, 2025
Home » হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি?

হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি?

by surabhi barman
0 comments

হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচিব পাৰি?

গঢ়ি তোলক এই ৫টা অভ্যাস…..

হাৰ্ট এটেক এটা ভয়াৱহ শব্দ ৷ আজিকালি প্ৰায়েই শুনিবলৈ পোৱা যায় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ।বিভিন্ন ৰোগে মানুহক ভাৰাক্ৰান্ত কৰি তুলিছে। আন ৰোগৰ লগতে এতিয়া হৃদৰোগৰ সমস্যা বৃদ্ধি পাইছে। আজিকালি প্ৰায়েই শুনিবলৈ পোৱা যায় হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ খবৰ। সাধাৰণ মানুহৰ মাজত প্ৰায়ে হৃদযন্ত্ৰৰ সমস্যা দেখা যায়। কিন্তু হৃদযন্ত্ৰৰ সমস্যাৰ পৰা কেনেকৈ মুক্তি পাব?
সকলোৱে নিজকে সুস্থ আৰু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ দৈনন্দিন কৰিব লাগে কেইটামান কাম। বিশেষকৈ খাদ্য আৰু দৈনন্দিন ৰুটিনত পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ। মাত্ৰ কেইটামান নিয়ম মানি চলিলে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখিব পাৰি। নিয়মিতভাৱে খোৱা-বোৱা আৰু প্ৰতিদিনে সুষম খাদ্য খোৱাটো প্ৰয়োজনীয়। উচ্চ চৰ্বিযুক্ত খাদ্য খাব নালাগে, পাৰিলে চৰ্বিযুক্ত খাদ্য অভ্যাস সকলোৱে এৰিব লাগে। পুৰুষৰ লগতে মহিলা সকলেও খাদ্যাভ্যাস সলনি কৰাটোও গুৰুত্বপূৰ্ণ।
চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন নকৰিলে সকলোৱে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব পাৰে, হৃদযন্ত্ৰৰ সমস্যাও হ’ব পাৰে।

হাৰ্ট এটেকৰ লক্ষণ সমূহ কি কি ?

* আক্রান্ত লোকজনৰ বুকুৰ বিষ হয় ৷ সাধাৰণতে এই বিষ বুকুৰ বাওঁফালে হয় ৷ কেতিয়াবা কান্ধ, ডিঙিলৈও যাব পাৰে ৷ কেতিয়াবা আকৌ পিঠিৰ ফালে অথবা বাউসী, সোঁ হাতলৈকে এই বিষ যাব পাৰে।

* এই বিষ আকস্মিকভাৱে হোৱা দেখা যায় ৷ কেতিয়াবা গধুৰ বস্তু দাঙিলে বা কাম কৰিলেও এনে বিষ অনুভৱ হয় ৷ কিন্তু বহি থাকিলে কেতিয়াবা বুকুৰ বিষ অনুভৱ নহ’বও পাৰে ৷

* কেতিয়াবা হঠাতে বেছিকৈ ঘাম ওলাব পাৰে ৷

* মানসিক চাপৰ বাবেও এনে বিষ হ’ব পাৰে বা কেতিয়াবা যদি সপোনত দৌৰি থকা দেখা পোৱা যায় তেতিয়াও বুকুৰ বিষ হ’ব পাৰে ৷

* যদি কোনো ব্যক্তিৰ পেটৰ ওপৰৰ ফালে অৰ্থাৎ বুকুৰ তলৰ অংশ বিষ হোৱা যেন অনুভৱ হয় ৷

* ৪০ বছৰৰ উৰ্দ্ধৰ যিকোনো লোকৰ বুকুৰ ওপৰ ফালে বিষ অনুভৱ হলে সাৱধান হ’ব লাগে ৷

* বমি, শৰীৰ অৱশ হোৱা, ডায়েৰীয়া হোৱাও কেতিয়াবা হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।

এতিয়া জানো আহত হৃদৰোগ নিয়ন্ত্ৰণৰ উপায়-

* হৃদৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে প্ৰথমতে জীৱনশৈলীৰ পৰিবৰ্তন কৰিব লাগিব ৷ সদায় মাছ-মাংস, কণী খোৱাতোৱেই সুষম আহাৰ গ্ৰহণ কৰাটো নুবুজাই ৷ দৈনন্দিন খাদ্য তালিকা প্ৰস্তুত কৰাৰ সময়ত সুষম আহাৰ অন্তৰ্ভুক্ত কৰা উচিত ৷

* খোৱা-বোৱাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱন-যাপনৰ সকলোখিনি কাম সুচাৰুভাৱে পালন কৰিলে হৃদৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ ৷

* ধুমপান পৰিহাৰ কৰিব লাগে ৷

মানসিক চাপৰ পৰা দূৰ হৈ থাকিলেও বহু পৰিমাণে হাৰ্ট এটেকৰ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি। স্বাভাৱিকতে কেইটামান নিয়ম মানি চলিলে সহজেই সুস্থ হৈ থাকিব পাৰে সকলোৱে, হৃদযন্ত্ৰও সুস্থ হৈ থাকিব আপোনাৰ।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Feature Posts

Guide Map