টি-২০ ফৰ্মেটৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেটাৰৰ অৱসৰ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ এগৰাকী তাৰকা ক্ৰিকেটাৰৰ
শেহতীয়া কিছু দিনত কেইবাগৰাকীও তাৰকাৰ ক্ৰিকেটাৰৰ অৱসৰৰ সিদ্ধান্তই বিশ্বৰ ক্ৰিকেট অনুৰাগীক হচকিত কৰি তুলিছে। এই খেলুৱৈসকলক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে আজি আন এগৰাকী তাৰকাৰ অৱসৰৰ সিদ্ধান্তই ক্ৰিকেট বিশ্বত জোকাৰণি তুলিছে। মাত্ৰ ২৯ বছৰ বয়সতে এই ক্ৰিকেটাৰগৰাকীয়ে আন্তঃৰাষ্ট্ৰী ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ভাৰতীয় তাৰকাদ্বয় ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ পৰা আৰম্ভ কৰি অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেল আৰু দক্ষিণ আফ্ৰিকাৰ হেনৰী ক্লাছেনৰ অৱসৰৰ আকস্মিক ঘোষণাই বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ আচৰিত কৰি তোলাৰ সমান্তৰালকৈ আনফালে স্বাভাৱিকতেই দুখীও কৰি তুলিছে। বিশ্বৰ একালৰ সৰ্বশ্ৰেষ্ঠ ক্ৰিকেট শক্তি ৱেষ্ট ইণ্ডিজৰ এগৰাকী ক্ৰিকেটাৰ নিকোলাচ পুৰাণ। নিজৰ আক্ৰমণাত্মক বেটিং শৈলীৰে পুৰাণে অনুৰাগীৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল। মাত্ৰ ২৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে পুৰাণে। নিজৰ সামাজিক মাধ্যম একাউণ্ট যোগে পুৰাণে এই সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰিছে। নিকোলাছ পুৰাণে ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ হৈ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। ৱেষ্ট ইণ্ডিজৰ হৈ ৬১খন এদিনীয়া মেচত ৩৯.৬৬ গড়ে ১৯৮৩ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ১০৬খন টি-২০ মেচত ২২৭৫ ৰান সংগ্ৰহ কৰিছিল পুৰাণে। লক্ষণীয়ভাৱে পুৰাণৰ নামতে আছে ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক টি-২০ মেচ খেলা আৰু সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ।