১১জুন,২০২৫ঃ ১০ জুন ২০২৫ত ৰাষ্ট্ৰসংঘৰ United nation population fund 2025 sowp reportৰ মতে হ্ৰাস পাইছে মহিলাৰ প্ৰজনন ক্ষমতা। সন্তান জন্ম দিয়াৰ আগ্ৰহ ক্ৰমাত হ্ৰাস পাইছে ।
আমি দুটা ,আমাৰ দুটা । এই চিন্তাৰে আজিৰ প্ৰজন্ম আগবাঢ়িবলৈ বহুবাৰ ভাবিবলগা হয় । আজিকালি ল’ৰা-ছোৱালীয়ে ৰিস্ক ল’ব নিবিচাৰে । ল’ৰা-ছোৱালী উভয়ে পলমকৈ বিয়া পাতে। ছোৱালীয়ে ৩০ বছৰৰ পিছত ,ল’ৰাই ৪০ বছৰ বয়সলৈ বিয়া পাতিবলৈ ৰৈ থাকে । কেতিয়াবা এই বয়স পাৰ হৈ যোৱাৰ পিছতো বহুতে বিয়াৰ পৰিকল্পনা কৰে । মুঠতে এই সময়ছোৱাত সামাজিক জীৱনৰ পৰিৱৰ্তন ঘটিছে । পৰিয়াল গঢ় দিয়াত নতুন নতুন চিন্তাৰ উন্মেষ ঘটিছে । বহুতে দুটা সন্তান জন্ম দিব নিবিচাৰে । এটাতেই সকলো সামৰি ৰাখিব বিচাৰে । ইয়াৰ কাৰণসমূহ যদি বিশ্লেষণ কৰা যায়, তাৰ ভিতৰৰ কেইটামান কাৰণ হ’ল –
১-আৰ্থিক অসুবিধা । এই অসুবিধাৰ ফলত আজিকালি সন্তান জন্ম দিবলৈ মানুহে ভয় কৰে । এক সমীক্ষাৰ ১০ জন ব্যক্তিৰ ৪ জনেই প্ৰকাশ কৰে যে – আৰ্থিক অসুবিধাৰ বাবেই সন্তান জন্ম দিবলৈ অসুবিধা হয় ।
অসমতো আমি প্ৰায়ে শুনিবলৈ পাওঁ – এজনকে ভালদৰে লালন পালনৰ কাৰণে অসুবিধা ,আৰু সন্তানৰ কথা ভাবিব নোৱাৰি । আজিকালি চিকিৎসা ,শিক্ষা এইবোৰৰ খৰছ-বহন কৰিবলৈ মানুহে বহুবাৰ ভাবিবলগীয়া হয় । কাৰণ জন্ম দিলেও নহ’ব লালন-পালন কৰিবও লাগিব ।
২- সংস্থাপনৰ নিৰাপত্তাহীনতা । সংস্থাপনৰ নিৰাপত্তাহীনতাৰ বাবেও বহুতে সন্তান জন্ম দিব নিবিচাৰে ।
৩- কম সময়তে বহু পুৰুষ মহিলাৰ স্বাস্থ্যৰ অৱনতি হয় । যাৰ বাবে তেওঁলোকে বহুবাৰ ভাবিব লাগে ।
৪- আৰু বহু মহিলাই সন্তান জন্ম দিয়াৰ ইচ্ছা থাকিলেও জন্ম দিব পৰা নাই । যাৰ বাবে ঘৰুৱা হেঁচাত দিন অতিবাহিত কৰিবলগীয়া হৈছে । কেৱল এইবোৰেই নহয় ,উচ্চ শ্ৰেণীৰ পৰিয়ালৰ মাজতো সন্তান জন্মদিয়াৰ হেঁপাহ ক্ৰমাত হ্ৰাস পাইছে । বহু মহিলাই আজিকালি নিজৰ কেৰিয়াৰক প্ৰাধান্য দিও সন্তান জন্ম দিব নিবিচাৰে । বহুতে ছুটীৰ বাবেও সন্তান জন্ম দিবলৈ অনিচ্ছা প্ৰকাশ কৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে ।