সেন্দুৰ
সেন্দুৰৰ মূল্য কিমান?
আচলতে সেন্দুৰ নাৰীৰ সাহস ৷ সেয়েহে স্বামী মৰাৰ পাছতো পত্নীগৰাকীয়ে সেন্দূৰ লৈ তেওঁক জীয়াই ৰখা প্ৰয়োজন ৷ তেতিয়া সাহস নাপাই এগৰাকী বিধৱাক অবলা কৰিবলৈ৷ হাঁহিবলৈ তথা সুবিধাবাদীবোৰে আঁকুহিবলৈ ৷ মই ভাবো বা কৈছোঁ বা ক’ম সদায়ে এই কথা যে দুৰ্বল তথা সেন্দুৰৰ অভাৱ অনুভৱ কৰা সকলৰ বাবে ই এক শক্তি ৷ ইয়াত প্ৰতিবাদৰ কথা নাহে ৷ কিয়নো ই সম্পূৰ্ণ ব্যক্তিগত ৷ সেয়া কেতিয়াও ভুল সিদ্ধান্ত নহয় ৷ কিয়নো এই ক্ষেত্ৰত এই ৰঙা ৰঙটো ভাল পোৱা ব্যক্তিজন চলিব লাগে আচলতে সম্পূৰ্ণ নিজৰ মতামত তথা নিজ পছন্দৰ মতে ৷ গুৰুত্ব দিব লাগে মনৰ সুন্দৰতাক তথা স্বাভিমানক ৷
কিন্তু সুন্দৰতাৰ প্ৰতীক বা দায়িত্ব বুলি ভাবি মন নগ’লেও সৰহকৈ সেন্দুৰ লৈ মানুহক দেখাই লাভ আছে জানোঁ? লাভ নাই বুলি ভাবোঁ যদি তাত আন্তৰিকতা নাথাকে ৷
আমি সাজপোছাক তথা সময় সাপেক্ষে কেতিয়াবা নলওঁ মানে কমকৈ ভিতৰৰ ফালে লওঁ ৷ সেয়া সম্পূৰ্ণ ব্যক্তিগত ৷ তাক জোৰজৱৰদস্তি কৰা প্ৰয়োজন আছে জানো? কিন্তু যিসকলৰ ল’ব মন যায় তেওঁলোকে নিজৰ মানুহজন আছে বুলি তেওঁৰ নামতে আজিৰ পৰা লওকচোন সেন্দূৰকন ৷ হয়তো মনটো শান্তি লাগিব ৷ হয়তো নিজকে সাহসী লাগিব ৷ হয়তো বিধবা বুলি হঁহা মানুহ খিনিৰ বাবে অসহনীয় হ’ব ৷ কিন্তু কিয় তেওঁলোকৰ বাবে আপুনি সকলো ত্যাগ কৰিব ? নকৰিব ৷ সমাজে বান্ধি দিয়া সকলো কাম তথা প্ৰশ্ন বিবেকক সোধপোছ কৰিহে কৰিব বা উত্তৰ দিব ৷
আপোনাৰ বিপদৰ সময়ত নহা সকলে খুব বেছি আপোনাক হাঁহিব ৷ কিন্তু আপুনি আপোনাৰ সংসাৰ নিজ হাতেৰে গঢ়িছিল ৷ মানুহজনৰ মৃত্যুৰ পাছত কাষত মাত্ৰ এটাদিন থাকিব আপোনসকল ৷ তাৰ পাছত গোটেই সংসাৰৰ যুদ্ধক্ষেত্ৰখনৰ ৰথখন চলাই লেকাম ল’ব লাগিব আপুনিয়েই ৷
সংসাৰ ভঙাৰ আনন্দ ল’বলৈ তথা মৰমৰ অভিনয় কৰিবলৈ বহুত মানুহ আহিব ৷ বহুতে শ্ৰাদ্ধটো যোৱালৈহে ৰৈ থাকিব ৷ কোনোৱে আপোনাক জুখিব ৷ কোনোৱে মিছা মৰম দি সঁচা মৰম খুজিব স্বাৰ্থৰ বাবে যাৰ প্ৰতাৰণাত আপোনাৰ মনত পৰিব সঁচা মৰমবোৰলৈ ৷ সেয়েহে ল’ব ৷ লৈ থাকিব সেন্দুৰকন ৷ দেখিব আপোন মানুহজন ওচৰতে থকা যেন লাগিব ৷
আচলতে কোনো কোনো পণ্ডিতৰ মতে সেন্দুৰ সৌন্দৰ্যৰ প্ৰতীক ৷ কোনো কোনোৰ মতে সেন্দুৰ পইজন ৷ হয় কথাটো ৷ কোনো এক বৈজ্ঞানিৰ সমীক্ষাত পঢ়িব পাইছিলোঁ ক’ৰবাত যে সেন্দূৰত থকা পইজনে লাহে লাহে ব্যক্তিগৰাকীৰ আয়ুস কমাই আনে ৷ ই শিৰৰ মাজেৰে ছালৰ এপিডাৰমিচ লেয়াৰৰ পৰা ডাৰমিচ লেয়াৰলৈ সংক্ৰমিত হয় আৰু যাৰ ফলত সোনকালে আয়ুস কমি মৃত্যুক সাৱতি লয় এগৰাকী নাৰীয়ে ৷ সেয়ে তেনেকৈয়ে পত্নী গৰাকী আগতেই মৰিলে নিশ্চয়কৈ পুৰুষজন পলমকৈ মৰাটো স্বাভাৱিক কথা হৈ পৰে তথা স্বামীজনৰ আয়ুস বাঢ়ি যোৱা বুলি এক অন্ধবিশ্বাস আমাৰ সমাজত গঢ় লৈ উঠা কথাটো পৰিলক্ষিত হ’লেও সেন্দূৰ লোৱাৰ অনুভৱ সুকীয়া ৷ অৱশ্যে এটা কথা চাবলৈ গ’লে
কিন্তু হয় যে আমি নাৰীসকল মৰি গ’লে তেওঁলোকৰ ত্যাগৰ কোনো চিহ্ন নাথাকে৷ থাকে জানো? নাই ৷নাথাকে ৷ সেয়েহে এইযে দেখি দুখ লাগে শিৰৰ সেন্দূৰবিহীন উকা কপালখন ৷ এই যে দেখি লোভ লাগে গিৰিয়েক বিহীন নাৰীগৰাকী ৷ এই যে সমাজত বিধৱা বুলি পাছৰ শাৰীত থয় ৷ এই যে দেখি মন হয় তাইৰ পৰা সুবিধা লওঁ বুলি ব্লেকমেইল কৰাৰ মনোভাৱ জন্ম হয় ৷ এইযে প্ৰৱেশ কৰে চলনাৰ মনোভাৱেৰে এজন মিছলীয়া পুৰুষ বিধৱা গৰাকীৰ জীৱনৰ দুৱাৰদলিত ৷
এইবোৰ কম বিষাক্ত নে ?
-Madhuri Das
1 comment
Very well written lines in philosophical manner.
Comments are closed.