Home » দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী…

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী…

by admin
0 comments

১৩ মাৰ্চ, ২০২৬ঃ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী । নাৰেংগী সেনা ছাউনীৰ পৰা হেলিকপ্টাৰেৰে উপস্থিত হ’ব কোকৰাঝাৰত । কোকৰাঝাৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে ।

২ বজাত বিশাল জনসভা সম্বোধন কৰিব মোদীয়ে । ৰাজ্য চৰকাৰৰ অসম মালাৰ প্ৰধানমন্ত্ৰীয়ে কৰিব শুভাৰম্ভ । BTCৰ বহুকেইখন দলঙৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে । ৩ খন ৰে’লৰ চলাচলৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । বিয়লি ৪ বজাত গুৱাহাটীলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰীগৰাকী।

বিয়লি ৪.৩০ বজাত জ্যোতি-বিষ্ণু প্ৰক্ষাগৃহত অনুষ্ঠান । নিশা কইনাধৰাত কটাই পুৱা ৰাওনা হ’ব শিলচৰলৈ । শিলচৰত স্পীড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে । গুৱাহাটীত চাহ জনগোষ্ঠীক ভূমিপট্টা প্ৰদান কাৰ্যসূচীত ভাগ ল’ব মোদীয়ে ।

গুৱাহাটীত চাহ বাগিচাৰ শ্ৰমিকক ভূমি পত্তা প্ৰদান কৰিব। ৰাজ্য চৰকাৰৰ ১৫০ মেগাৱাট কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভাৰ্চুৱেলি শুভাৰম্ভ কৰিব । অসমৰ বাবে ৪০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ’ব

You may also like

Leave a Comment