Home » হ্ৰাস পাইছে দেশৰ মহিলাৰ প্ৰজনন ক্ষমতা।

হ্ৰাস পাইছে দেশৰ মহিলাৰ প্ৰজনন ক্ষমতা।

by Abhilasha das kalita
0 comments

হ্ৰাস পাইছে দেশৰ মহিলাৰ প্ৰজনন ক্ষমতা।

১০ জুন ২০২৫ ত ৰাষ্ট্ৰ সংঘৰ United nation population fund 2025 sowp report ৰ মতে হ্ৰাস পাইছে মহিলাৰ প্ৰজনন ক্ষমতা।
আমি দুটা ,আমাৰ দুটা । এই চিন্তাৰে আজিৰ প্ৰজন্ম আগবাঢ়িবলৈ বহুবাৰ ভাবিব লগা হয় । আজিকালি ল’ৰা-ছোৱালীয়ে ৰিস্ক ল’ব নিবিচাৰে । ল’ৰা-ছোৱালী উভয়ে পলম কৈ বিয়া পাতে। ছোৱালীয়ে ৩০ বছৰৰ পিছত ,ল’ৰাই ৪০ বছৰ বয়সলৈ বিয়া পাতিবলৈ ৰৈ থাকে । কেতিয়াবা এই বয়স পাৰ হৈ যোৱাৰ পিছতো বহুতে বিয়াৰ পৰিকল্পনা কৰে । মুঠতে এই সময়ছোৱাত সামাজিক জীৱনৰ পৰিৱৰ্তন ঘটিছে । পৰিয়াল গঢ় দিয়াত নতুন নতুন চিন্তাৰ উন্মেষ ঘটিছে । বহুতে দুটা সন্তান জন্ম দিব নিবিচাৰে । এটাতেই সকলো সামৰি ৰাখিব বিচাৰে । ইয়াৰ কাৰণসমূহ যদি বিশ্লেষণ কৰা যায়, তাৰ ভিতৰৰ কেইটামান কাৰণ হ’ল -আৰ্থিক অনাতন।
এনেবোৰ অসুবিধাৰ ফলতেই আজিকালি সন্তান জন্ম দিবলৈ মানুহে ভয় কৰে । এক সমীক্ষাত ১০ জন ব্যক্তিৰ ৪ জনেই প্ৰকাশ কৰে যে – আৰ্থিক অসুবিধাৰ বাবেই সন্তান জন্ম দিবলৈ অসুবিধা হয় ।

অসমতো আমি প্ৰায়ে শুনিবলৈ পাওঁ – এজনকে ভালদৰে লালন পালনৰ কাৰণে অসুবিধা ,আৰু সন্তানৰ কথা ভাবিব নোৱাৰি । আজিকালি চিকিৎসা ,শিক্ষা এইবোৰৰ খৰছ বহন কৰিবলৈ মানুহে বহুবাৰ ভাবিবলগীয়া হয় । কাৰণ জন্ম দিলেও নহ’ব লালন পালন কৰিবও লাগিব।সংস্থাপনৰ নিৰাপত্তাহীনতা ।সংস্থাপনৰ নিৰাপত্তাহীনতাৰ বাবেও বহুতে সন্তান জন্ম দিব নিবিচাৰে ।

কম সময়তে বহু পুৰুষ মহিলাৰ স্বাস্থ্যৰ অৱনতি হয় । যাৰ বাবে তেওঁলোকে বহুবাৰ ভাবিব লাগে । আৰু বহু মহিলাই সন্তান জন্ম দিয়াৰ ইচ্ছা থাকিলেও জন্ম দিব পৰা নাই । যাৰ বাবে ঘৰুৱা হেঁচাত দিন অতিবাহিত কৰিবলগীয়া হৈছে । কেৱল এইবোৰেই নহয় ,উচ্চ শ্ৰেণীৰ পৰিয়ালৰ মাজতো সন্তান জন্মদিয়াৰ হেঁপাহ ক্ৰমাত হ্ৰাস পাইছে । বহু মহিলাই আজিকালি নিজৰ কেৰিয়াৰক প্ৰাধান্য দিও সন্তান জন্ম দিব নিবিচাৰে । বহুতে ছুটীৰ বাবেও সন্তান জন্ম দিবলৈ অনিচ্ছা প্ৰকাশ কৰে বুলি সমীক্ষাত প্ৰকাশ পাইছে ।

You may also like

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map