Thursday, October 16, 2025
Eng
Home » গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক

গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক

by surabhi barman
0 comments

গৰমৰ দিনত ছালখনৰ যত্ন কেনেদৰে ল’ব জানক

ব্যস্ত জীৱনশৈলীৰ বাবে আজিকালি মহিলা বা যুৱতী সকলে তেওঁলোকৰ ছালৰ প্ৰতি মনোযোগ দিব নোৱাৰে। তদুপৰি, ভুল খাদ্যাভ্যাসৰ বাবে মুখমণ্ডলৰ উজ্জ্বলতা হ্ৰাস হোৱাৰ লগতে বহু সৰু-ডাঙৰ দাগ, ছাল কোঁচ খোৱা আদি বহু সমস্যা দেখা দিবলৈ আৰম্ভ কৰে।

যদি আপুনিও ছালৰ দাগৰ সমস্যাৰ বাবে অসুবিধাত পৰিছে, তেনেহ’লে কেতবোৰ ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে।আজি এই বিষয়ে জানো আহক-

এল’ভেৰা জেল
ছালৰ যি কোনো সমস্যাৰ বাবেই এল’ভেৰা জেল অতি উপকাৰী। আপুনি ইয়াক ছালত দৈনিক ময়েশ্চাৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। ছালৰ পৰা দাগ আতৰাবলৈ আপুনি গোলাপৰ পানীত এল’ভেৰা জেল মিহলি কৰক। ইয়াৰ পাছত ইয়াক আপোনাৰ ছালত ১০-১৫ মিনিটৰ বাবে প্ৰয়োগ কৰিব। ই আপোনাৰ ছাল কোমল কৰাৰ লগতে দাগসমূহো দূৰ কৰিব।

তিয়ঁহ
তিয়ঁহত ভিটামিন-চি থাকে। ভিটামিন-চি ছালৰ বাবে অতি উপকাৰী। ইয়াক মুখত ব্যৱহাৰ কৰিলে ছাল উজ্জ্বল হোৱাৰ লগতে ক’লা দাগ দূৰ হয়। তিয়ঁহৰ ব্যৱহাৰৰ ফলত ছালখন সতেজ হয়।

কণী
কণীত পোৱা গুণাগুণবোৰে ছাল কোঁচ খোৱা আৰু সূক্ষ্ম ৰেখা পৰা সমস্যা সমাধান কৰাৰ লগতে ছালৰ দাগবোৰ আঁতৰ কৰে। আপুনি সপ্তাহত এবাৰ মুখত কণী ব্যৱহাৰ কৰিব পাৰে। ই ছালখন উজ্জ্বল কৰি তোলাতো সহায় কৰে।

গ্ৰীণ টি
ছালখন স্বাস্থ্যকৰ কৰিবলৈ আপুনি গ্ৰীণ টি ব্যৱহাৰ কৰিব পাৰে। ইয়াক মুখত ব্যৱহাৰ কৰিলে আপুনি ছালত সূক্ষ্ম ৰেখাৰ আৱিৰ্ভাৱ হোৱা সমস্যাৰ পৰা সকাহ পাব। গ্ৰীণ টিয়ে ছাল উজ্জ্বল কৰাত সহায় কৰে। আনহাতে, গ্ৰীণ টি খোৱাটোও ছালৰ বাবে অত্যন্ত উপকাৰী বুলিও গণ্য কৰা হয়।

পানীয়েই আমাৰ প্ৰাণ ৷ গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধ হ’ল পানী। গতিকে যিমান পাৰি পানী খাওঁক,সুস্থ থাকক।

You may also like