১৫ জুন, ২০২৫ঃ আজি পিতৃ দিৱস, ব্যস্ত পৃথিৱীত আমি প্ৰায়ে আওকাণ কৰোঁ যিসকল মানুহ আমাৰ পিছফালে থিয় হৈ নিজৰ মৌনতাৰে আমাৰ যুদ্ধত জয়ী হ’বলৈ প্ৰেৰণা আৰু শক্তি প্ৰদান কৰিছে। পিতৃ দিৱস সেই নীৰৱ সমৰ্থনক অনুভৱ কৰাৰ এক সুযোগ।দেউতা আমাৰ বাবে সাহস, অনুপ্ৰেৰণাৰ উৎস আৰু চালিকাশক্তিস্বৰূপ। তেওঁৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ মই জীৱন যাত্ৰাত নতুন উদ্যমেৰে আগুৱাই যোৱাৰ বাবে উদ্বুদ্ধ হৈ আহিছোঁ, যিয়ে আমাক দিছে এক অনন্য মাত্ৰা।দেউতা এজোপা বট বৃক্ষৰ দৰে, তেওঁহে জানে প্ৰখৰ ৰ’দত কিদৰে আমাক চাঁৰে আৱৰি ৰাখে ৷
আজি পিতৃ দিৱস, এই তাৰিখটো প্ৰতি বছৰে সলনি হয় কাৰণ ইয়াক নিৰ্দিষ্ট দিনত নহয়, জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়। ভাৰত, আমেৰিকা, ব্ৰিটেইনৰ দৰে বহু দেশত একেলগে উদযাপন কৰা হয়।
এইবাৰ ১৫ জুন দেওবাৰে পিতৃ দিৱস পালন কৰা হয়।এই তাৰিখটো প্ৰতি বছৰে সলনি হয় কাৰণ ইয়াক নিৰ্দিষ্ট দিনত নহয়, জুন মাহৰ তৃতীয় দেওবাৰে পালন কৰা হয়। পিতৃৰ প্ৰতি থকা অনুভৱ প্ৰকাশ কৰাৰ বাবে এটা বিশেষ দিন।
সকলোৰে জীৱনত পিতৃ-মাতৃৰ এক বিশেষ গুৰুত্ব আছে। যিদৰে মাতৃয়ে নিজৰ সন্তানক ভাল পায়, ঠিক তেনেদৰে এজন পিতৃ সকলো সন্তানৰ বাবে বন্ধু আৰু নায়ক। যিয়ে সন্তানৰ সৰু সৰু প্ৰয়োজন আৰু ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰে।
‘দেউতা’ (পিতা) বুলি অনুভৱ কৰিলে হৃদয়ত অদম্য শক্তি, প্ৰেৰণা, সাহস আৰু নিৰাপত্তাই আৱৰি ধৰে । তেওঁ অনন্য, তেওঁ মহান, তেওঁ সন্তানৰ গালে – মুখে- চকুৱে হাঁহি বিৰিঙাব পৰা এজন মানুহ; যাৰ হাঁহিবোৰ সন্তানৰ অভাৱ-অভিযোগ দূৰ কৰাৰ প্ৰয়াসত, নীৰৱে নয়নৰ নীৰ বোৱাই প্ৰশান্তি লয়। তেৱেঁই আমাৰ আদ্য গুৰু ‘পিতা’। পিতা অঙ্কীয়া নাটৰ সূত্ৰধাৰ, যাৰ অবিহনে অংকীয়া নাট অপূৰ্ণ। পিতাও তেনেকুৱা, যাৰ অনুপস্থিতিত আমাৰ জীৱনবোৰ আধৰুৱা। দায়িত্বৰ ভাৰ কঢ়িয়াই কঢ়িয়াই কোনো দিনেই হাৰ নমনা মানুহ জনেই পিতা। তেওঁ আমাৰ ভৱিষ্যতৰ পথ পৰিদৰ্শক।
জীৱনৰ প্ৰতিটো হাঁহিৰ আঁৰত থকা মানুহজনেই দেউতা… ভালে থাকক পৃথিৱীৰ সকলো পিতৃ ।