Thursday, October 16, 2025
Eng
Home » আজি আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস, যোগ দিৱসৰ দিনা জানো আহক যোগ অভ্যাসৰ উপকাৰীতা সমূহ কি কি?

আজি আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস, যোগ দিৱসৰ দিনা জানো আহক যোগ অভ্যাসৰ উপকাৰীতা সমূহ কি কি?

by pompy das
0 comments

ভাৰতৰ প্ৰাচীন পৰম্পৰাৰ এক অন্যতম মূল্যবান উপহাৰ হৈছে যোগ । যোগাসন বা যোগাভ্যাস হৈছে এবিধ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত মূলৰ ৰীতি ।

প্ৰতিগৰাকী ব্যক্তিয়ে নিজকে সু-স্বাস্থ্যৱান আৰু ধুনীয়া কৰি ৰাখিব বিচাৰে৷ আৰু এই ক্ষেত্ৰত যোগ অভ্যাসে তাহানিৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰি আহিছে৷ যোগ অভ্যাসে মানুহৰ দেহ মন সুস্থ সবল কৰি তুলাত এক অন্যতম অৰিহণা আগবঢ়াই আহিছে৷ লগতে নিয়মীয়াকৈ যোগ অভ্যাসে মানুহক দীৰ্ঘায়ু কৰি ৰাখে৷
বৰ্তমান মানুহৰ মাজত মেদবহুলতা এটা ডাঙৰ সমস্যা হৈ পৰিছে৷
প্ৰতিগৰাকী নাৰীয়ে নিজকে ধুনীয়াকৈ ৰাখিব বিচাৰে। শৰীৰৰ চৰ্বি বা মেদবহুলতা দূৰ কৰিবলৈ বহুতে ভিন্ন ধৰণে শৰীৰচৰ্চা কৰাও পৰিলক্ষিত হয় । বিশেষজ্ঞৰ মতে যোগে শৰীৰৰ চৰ্বি কিছু পৰিমাণে হ্ৰাস কৰাত সহায় কৰে৷

লগতে যোগে আমাৰ শৰীৰ, মন আৰু আত্মাক সংযোগ কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমূহ জাগ্ৰত কৰে ৷ নিয়মীয়া যোগ অভ্যাসে স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টিকাৰী ৰোগসমূহৰ হাৰ হ্ৰাস কৰাত সহায় কৰে ।
বৰ্তমানৰ ব্যস্ততাপূৰ্ণ জীৱনত স্বাস্থ্য ৰক্ষাৰ অৰ্থে আমি প্ৰতিজনেই এটা দিন ধাৰ্য কৰি যোগ অনুশীলনৰ যোগেদি শাৰীৰিক আৰু মানসিক ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰো৷

যোগ দিৱসৰ আজিৰ এই দিনটোত ভাৰতৰ এই চহকী যোগ সংস্কৃতিয়ে সকলোৰে দৈহিক, মানসিক, আত্মিক আৰু বৌদ্ধিক উত্তৰণ ঘটাই বিশ্ব শান্তি প্ৰতিষ্ঠা কৰক সেয়াই সকলোৰে কাম্য ।

You may also like