“সংগীত মাথোঁ শব্দ নহয়, ই হৈছে হৃদয়ৰ স্পন্দন।”
“সংগীত নাই য’ত, মৰম নাই ত’ত।”
২১ জুন– ই কেৱল এটা তাৰিখ নহয়, এই দিনটো বিশ্বজুৰি সংগীত দিৱস হিচাপে পালন কৰা হয় । ইয়াৰ মূল উদ্দেশ্য হৈছে সংগীতৰ জৰিয়তে মানুহৰ হৃদয়ক একত্ৰিত কৰা। এই দিৱসৰ জন্ম হৈছিল ১৯৮২ চনত, ফ্ৰান্সৰ পৰা। তেতিয়াৰে পৰা, বিশ্বজুৰি মানুহে এই দিনটোত সুৰ, তাল, আৰু ৰাগ-ৰাগিনীৰে নিজৰ অনুভৱ প্ৰকাশ কৰে। সংগীত হাঁহি আৰু চকুলো দুয়োটাৰেই ভাষা প্ৰকাশ। ই কেতিয়াবা বন্ধু হয় নিঃসঙ্গতাৰ, কেতিয়াবা উত্তাল মনৰ শান্তিৰ সঁজুলি। সংগীতৰ কোনো ভাষা, ধৰ্ম নাই ই মাথোঁ অনুভৱৰ এক বহল প্ৰকাশ । এটা মিঠা সুৰ কেতিয়াবা মৰমৰ প্ৰকাশ বুলিও ক’ব পাৰি, আৰু এটা গম্ভীৰ ৰাগ কেতিয়াবা চকুলোৰ ভাষা হৈও উঠে । বিশ্ব সংগীত দিৱসত, পৃথিৱীখন এখন বিশাল মঞ্চ হৈ পৰে, য’ত গায়ক-বাদক, ডাঙৰ-সৰু, পুৰণি-নতুন—সকলোৱে সংগীতৰ এক বিশাল আয়োজন কৰি কণ্ঠ নিগৰায় ।
অসমৰ সংগীত জগতো চিৰসেউজ। ডঃ ভূপেন হাজৰিকা দেৱৰ দীঘলীয়া সুৰৰ যাত্ৰা, জুবিন গাৰ্গৰ আধুনিক সংগীত, অথবা বিহু গীতৰ উল্লাস—এই সকলোবোৰে একেটা কথাই কয়: “আমাৰ সংগীত আমাৰ মৰম”। লোকসংগীতৰ মিঠা সুৰৰ পৰম্পৰা আজিও জীয়াই আছে, আৰু এই পৰম্পৰা নতুন প্ৰজন্মইও স্ব-আগ্ৰহেৰে জীয়াই ৰাখিছে ।
এই বিশেষ দিনটোত সকলোৱে অলপ সময় উলিয়াই সংগীতৰ লগত কটোৱা উচিত। বন্ধু নতুবা নিজৰ কোনো প্ৰিয় ব্যক্তিক নিজৰ ভাল লগা গীত শুনোৱা উচিত । অথবা কেৱল একান্তভাৱে নিজৰ বাবেও নিজৰ প্ৰিয় গীত গুণগুনুৱা উচিত ।
অৱশেষত সকলোকে বিশ্ব সংগীত দিৱসৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ ।
সংগীতৰ সুৰত হৃদয়ৰ বন্ধন-আজি বিশ্ব সংগীত দিৱস
14