২২ জুন,২০২৫ঃ সৌৰ শক্তি যুক্ত লানি নিছিগাকৈ স্পষ্ট পোহৰ, ফ্লাই অভাৰত উঠোতে লাহে লাহে আকাশলৈ যেন গতি কৰিছে গাড়ী খনে,আকাশত ডাৱৰৰ মাজে মাজে জোনটোৱেও লুকা ভাকু খেলি গৈছে। এই ধুনীয়া যাত্ৰাৰ পুলকিত অনুভৱ লাভ কৰিব আপুনি যোৰহাট চহৰৰ উপকণ্ঠ লাহদৈগড়ৰ ফ্লাই অভাৰ আৰু পুলিবৰ দিশৰ ৰাষ্ট্ৰীয় ঘাইপথত। চাৰিলেন যুক্ত উক্ত পথ চোৱা আহল-বহল বাবে এচাম লোকে অতি উল্লাসত মতলীয়া হৈ গাড়ী চলোৱা দেখা যায়।
১২ মাৰ্চত এটা অতিকৈ বেয়া খবৰে সকলো অভিভাৱকক মৰ্মাহত কৰি থৈ গৈছিল। অসমৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কাজিৰঙা ইউনিভাৰ্চিটিৰ ৪ জন ছাত্ৰ ছাত্ৰীয়ে চলাই অহা এখন গাড়ী তীব্ৰ বেগত চলোৱাৰ বাবে সম্ভাৱনাপূৰ্ণ ৩ জন ছাত্ৰ-ছাত্ৰীয়ে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই ।
যোৱা কালি আকৌ দুটা খবৰে যোৰহাটৰ সচেতন লোকৰ বুকু কঁপাই তুলিলে। যোৰহাটৰ চতাই অঞ্চলত মুখা-মুখিকৈ এখন ডাম্পাৰৰ সৈতে এখন ব্যক্তিগত বাহন খুন্দা মৰাৰ ফলত এজন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে আনজন চিকিৎসালয়ত জীৱন মৃত্যুৰ সৈতে যুঁজি আছে।
ইফালে টিয়কত ৰাস্তা পাৰ হওঁতেই উদণ্ড বাইক চালকে এটা কিশোৰক খুন্দা মাৰি পলাই যায়। যোৰহাটত অকল ফটো মাৰি ফাইন কাটি এই উদণ্ড চালকসকলক নাকি লগাব নোৱাৰি। পৰিবহণ ও আৰক্ষী বিভাগে সজাগতা ও বিহিত ব্যৱস্থা ল’লেহে ৰাজপথত মানুহৰ অকাল মৃত্যু হোৱাটো কমিব।
সুৰা, ৰাগীয়াল দব্য অতিমাত্ৰা সেৱনো এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অন্য এক কাৰণ। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা উপ-পথসমূহত উপযুক্ত সাঙ্কেতিক চিহ্ন নথকাৰ বাবেও দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়। ২০২৪ চনতো দেৰগাঁৱত নতুন বছৰ আদৰিবলৈ গৈ দেৰগাঁৱৰ একেখন গাঁৱৰে ১৪ জনকৈ মানু্হ ট্ৰাক আৰু আল্ট্ৰা বাছৰ মুখামুখি সংঘৰ্ষত মৃত্যু হোৱাৰ দৰে মৰ্মান্তিক ঘটনাৰ সাক্ষী এই ৰাজপথ সমূহ ও ভুক্তভুগি পৰিয়ালৰ সদস্য সকল হৈ আছে।
ডাম্পাৰ বাহনসমূহৰ চালক কিছুমানেও অতি অতপালিৰে বাহন চলাই নিজৰ লগতে লোকৰ জীৱনলৈও অন্ধকাৰ মাতি আনে। বিশেষ জৰুৰী কাম থাকিলে আহক চোন ঘৰৰ পৰা দহ মিনিট আগতীয়াকৈ ওলাই যাওঁ, ঘণ্টাত ১২০ কিলোমিটাৰ বেগত গৈ নিজৰ লগতে আনৰো পৰিয়ালৰ বাবে কাল অমানিশা কঢ়িয়াই নানো।