জাতিংগা হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন বিশেষ গাঁও। বৰাক উপত্যকাৰ এই ঠাই টুকুৰা পক্ষীৰ আত্মহননৰ কেন্দ্ৰৰূপে জনাজাত। গুৱাহাটীৰ পৰা পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত অৱস্থিত জাতিংগা। হাফলং চহৰৰ পৰা ৯-১০ কিঃমিঃ দক্ষিণত অৱস্থিত জাতিংগা। জেমি নগা ভাষাত এই শব্দটোৰ অর্থ হ’ল- “যি বাটেৰে ভৈয়ামৰ পৰা বতাহ বৰষুণ আহে…।”
জাতিংগাৰ নাম নুশুনা অথবা জাতিংগাৰ বিষয়ে নজনা মানুহ হয়তো অসমত বহু কমহে ওলাব ৷ পক্ষীৰ আত্মহত্যা কেন্দ্ৰ হিচাপে জনাজাত জাতিংগাক লৈ সকলোৰে উৎসুকতাৰ সীমা নাই ৷ বিশেষকৈ জাতিংগাত পক্ষীৰ আত্মহত্যাৰ কাৰণক লৈ সদায়ে এই ঠাইখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে ৷কিন্তু ৰহস্যঘন চৰ্চাৰ বিষয় হৈ আহিছে-জাতিংগাৰ চৰাইৰ আত্মহত্যাৰ পৰিঘটনা।জাতিংগাত জাক জাক পৰিভ্ৰমী চৰায়ে আত্মহত্যা কৰে কিয় ! চৰাইৰ আত্মহত্যাৰ ঘটনাক লৈ প্ৰচলিত হয় বিভিন্ন ধৰণৰ ৰহস্যঘন কাহিনীৰ । কাৰোবাৰ মতে যদি অলৌকিকভাৱে চৰায়ে জাতিংগাত আত্মহত্যা কৰে, আন কাৰোবাৰ মতে বিদ্যুৎ চুম্বকীয় পৰিঘটনাৰ বাবে চৰায়ে আত্মহত্যা কৰে।
প্ৰতি বছৰে আগষ্টৰ শেষৰ পৰা নৱেম্বৰ মাহলৈ জাক জাক পৰিভ্ৰমী চৰায়ে জুই দেখিলেই আহি আত্মজাহ গৈছিল । স্থানীয় লোকৰ মাজতো ই ব্যাপক প্ৰভাৱ পেলাই আহিছিল।জাতিংগাৰ ভৌগোলিক অৱস্থান আৰু বিশেষত্বই জাতিংগাক বিশেষ কৰি তুলিছিল । নব্বৈৰ দশকত BNHSৰ বিজ্ঞানীৰ দল আৰু আন অনুসন্ধিৎসু বিজ্ঞানমনস্ক লোক জাতিংগাত অধ্যয়নৰ বাবে সোমোৱাৰ আগলৈকে জাতিংগাৰ চৰাইৰ আত্মহত্যা সাধাৰণ লোক আৰু প্ৰচাৰ মাধ্যমৰ বাবে বাৰ্মুদা ত্ৰিভূজ সদৃশ এক ৰহস্যঘন পৰিঘটনা হৈ পৰিছিল । বহুদিনলৈকে পক্ষীবিদ আৰু বিশেষজ্ঞসকলে পৰিভ্ৰমী চৰাইৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিব পৰা নাছিল, যাক আখ্যা দিয়া হৈছিল চৰাইৰ আত্মহত্যা।
কেনেকৈ জাতিংগা হৈ পৰিল চৰাইৰ আত্মহত্যাৰ কেন্দ্ৰ –
বোম্বাই নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ বিশেষজ্ঞ সকলৰ মতে,পাহাৰৰ ঠেক উপত্যকা জাতিংগা ৷ জাতিংগা অংশটো কিছু নিম্ন ৷ সেয়ে পাহাৰৰ ওপৰেদি পৰিভ্ৰমী চৰাই নগৈ এই গিৰিপথটো ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ প্ৰৱজন ঘটা চৰাইবোৰে ব্যৱহাৰ কৰে । ইয়াত সাধাৰণতে দুই ধৰণৰ চৰায়ে পৰিভ্ৰমণ কৰে ৷ এবিধ মহাদেশীয় প্ৰৱজনকাৰী চৰাই, যি হাজাৰ হাজাৰ কিঃমিঃ পৰিভ্ৰমণ কৰে । আনবিধ হ’ল আন্তঃদেশীয় প্ৰৱজনকাৰী চৰাই, যিয়ে কম কম দূৰত্বত খাদ্য নথকা ঠাইৰ পৰা আন এঠাইলৈ খাদ্যৰ সন্ধানত উৰি যায় ৷জাতিংগালৈ পৰিভ্ৰমী চৰাইৰ ঘনত্ব বঢ়াৰ লগে লগে খাদ্যৰ অভাৱ ঘটে । খাদ্যৰ অভাৱত সেয়ে চৰাইবোৰ দুৰ্বল হৈ পৰে । দীৰ্ঘ উৰণক্ষম নোহোৱাৰ ফলত কম কম দূৰত্ব উৰি যায় চৰাইবোৰ।অন্ধকাৰ ৰাতি, ঘন কুঁৱলী, পাতল বৰষুণ আৰু দক্ষিণা বতাহ বৈ থকা সময়ত অসংখ্য চৰাই জাতিংগা অভিমুখে অগ্রসৰ হয় আৰু মৃত্যুমুখত পৰে।
উল্লেখ্য যে, পৃথিৱীৰ কিছুমান শ্ৰেষ্ঠ বিজ্ঞানী আৰু প্ৰকৃতিবিদে বিগত ৫০ বছৰে জাতিংগাত চৰাইৰ আত্মহননৰ বিষয়টোক লৈ অধ্যয়ন কৰি আছে কিন্তু বৰ্তমানলৈ এই ঘটনাৰ আচল ৰহস্য জানিবলৈ সক্ষম হোৱা নাই।