Home » উষ্ণতাক লৈ সাংঘাটিক ভুল ধাৰণা

উষ্ণতাক লৈ সাংঘাটিক ভুল ধাৰণা

by admin
0 comments

উষ্ণতাক লৈ সাংঘাটিক ভুল ধাৰণা

ঋউষ্ণতা জোখা যন্ত্ৰবোৰৰ ভুল নেকি?

মাৰ্চ-এপ্ৰিলৰ 32-33°Cতকৈ জুনৰ 31°C-32°C বেছি অশান্তিদায়ক কিয় লাগিছে । ACবোৰক 20-28°Cত ৰাখিব কৈছে, কিন্তু আমি 28°Cতচোন ঘামি-জামি আছোঁ । উত্তৰ ভাৰতবৰ্ষ ভ্ৰমণ কৰাসকলে বুজিব যে সেই অঞ্চলৰ 35°Cৰ গৰম আৰু আমাৰ অঞ্চলৰ 35°Cৰ গৰম একে নহয় । কিয়? ঋউষ্ণতা জোখা যন্ত্ৰবোৰৰ ভুল নেকি? ইণ্টাৰনেটত আমাক ঠাইবোৰৰ উষ্ণতা ভুলকৈ দিয়ে নেকি? তেনে নহয়, যন্ত্ৰবোৰে জোখা উষ্ণতা হৈছে ঠাইখনৰ বায়ুমণ্ডলীয় উষ্ণতা যাক মানুহৰ শৰীৰটোৱে বেলেগকৈ অনুভৱ কৰে । যিটো উষ্ণতাত শৰীৰে গৰম-ঠাণ্ডা একো অনুভৱ নকৰে সেইটোকে আমি room temperature বুলি ক‌টওঁ যি হৈছে 25°C । যেতিয়া এই উষ্ণতা অলপমানো বাঢ়ে তেতিয়া আমাৰ শৰীৰে, শৰীৰটোক শীতল কৰিবলৈ ‘ঘাম’ উলিয়ায় । ঘাম সোনকালে শুকাই বাষ্পীভূত হ’লে আমাৰ শৰীৰ সোনকালে ঠাণ্ডা হয় । বতৰ গৰম আৰু শুকান হ’লে এই কাম সোনকালে হয় বাবে শৰীৰটো সোনকালে ঠাণ্ডা হয় । কিন্তু বতৰ সেমেকা হ’লে ঘামখিনিয়ে সোনকালে ভাপ অৱস্থা নাপায় বাবে শৰীৰটো ঠাণ্ডা হ’বলৈ অধিক সময় লাগে । যাৰ ফলত আমি অশান্তিদায়ক গৰম অনুভৱ কৰোঁ, ঘামত তিতি থাকোঁ ।

বায়ুত থকা আৰ্দ্ৰতাৰ পৰিমাণে- ঘাম কিমান শুকাব,কিমান সোনকালে শুকাব নিৰ্ধাৰণ কৰে । ইয়াৰ পৰা যি উষ্ণতা নিৰ্ণয় কৰা হয় তাক নাম দিয়া হৈছে ‘তাপ সূচকাংক'(Heat Index) যাক যন্ত্ৰবোৰত ক’ৰবাত Real Feel অথবা Feels like বুলিও লিখা হয় । ধৰা হওক, এখন ঠাইৰ উষ্ণতা 35°C আৰু আৰ্দ্ৰতা 30% । সেই অঞ্চলৰ লোকে 35°Cৰ সমান গৰম অনুভৱ কৰিব । কিন্তু তাত যদি আৰ্দ্ৰতা 65%লৈ বৃদ্ধি হয় তেন্তে সেই অঞ্চলৰ লোকসকলৰ বৰকৈ ঘাম উলিয়াব( ঘাম নুশুকাব) যাৰ বাবে তেওঁলোকে অনুভৱ কৰিব প্ৰায় 47°Cৰ গৰম । সেইবাবেই আমি অসমতে মাৰ্চ-এপ্ৰিলৰ 32-33°Cত ইমান আমনি নাপাওঁ, কাৰণ তেতিয়া ঋতু শুকান হয় । কিন্তু মৌচুমী ঋতু যি আৰম্ভ হয় জুনৰ পৰা, এই ঋতুৰ অধিক আৰ্দ্ৰতাই সৰ্বনিম্ন 28°Cতটো আমাক 33-34°Cৰ সমান অনুভৱ কৰাই থাকে ।

গোলকীয় উষ্ণতা বৃদ্ধিয়ে বায়ুমণ্ডল অধিক সেমেকা কৰিব ধৰাৰ বাবে, তাপ সূচকাংক অনাগত দিনত বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে । যাৰ ফলতেই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ঠাইবোৰত গ্ৰীষ্ম প্ৰবাহ বৃদ্ধি পাব । তাপ সূচকাংকৰ বৃদ্ধিয়ে গ্ৰীষ্মকালীন ৰোগ হিট ষ্ট্ৰোক, ডিহাইড্রেশ্যন, খাদ্যত বিষক্ৰিয়াৰ সম্ভাৱনা বৃদ্ধি কৰে । কিন্তু তাপ সূচকাংক বিষয়টো বুজাত কঠিন নহয় । সেয়েহে গোলকীয় উষ্ণতা নিয়ন্ত্ৰণৰ ব্যৱস্থাসমূহৰ লগতে তাপ সূচকাংক(Heat Index)ৰ বিষয়ে স্কুলৰ পৰাই সজাগতা সৃষ্টি কৰিব পাৰিলে ইয়াৰ সমস্যা সমাধানৰ উপায় প্ৰশস্ত হ’ব বুলি আশা কৰিব পাৰি ।

-মাধুৰী দাস

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map