আমাৰ শৰীৰৰ ভিতৰত থকা নিঃশব্দ যোদ্ধা লিভাৰ, যিয়ে কেতিয়াও কোনো অভিযোগ নকৰে, প্ৰতিদিনে নিজৰ কাম নিষ্ঠাৰে কৰি যায়। কিন্তু যেতিয়া এই লিভাৰ ক্লান্ত হয় নাইবা বেয়া হয় তেতিয়া ই নীৰৱ ভাষাতেই আমাৰ ওচৰলৈ সংকেত পঠিয়ায়। এই সংকেতবোৰ মন দি শুনিবলৈ, বুজিবলৈ, আৰু সময়মতে ব্যৱস্থা লোৱাটো হৈছে নিজৰ শৰীৰক ভালপোৱা।
গতিকে জানো আহক এই গভীৰ সংকেতবোৰৰ লক্ষণসমূহ,,,,,
১.জণ্ডিছ : যেতিয়া চকু, ত্বক, আৰু নখবোৰ অলপ পীত বৰ্ণ হৈ পৰে — তেতিয়া আমাৰ লিভাৰৰ ওপৰত চাপ পৰে । ৰোগীৰ মূত্ৰও গাঢ় হয় । এয়া হৈছে প্ৰথম আলসুৱা সতৰ্কতা ।
২. অতিপাত ক্লান্তি আৰু দুৰ্বলতা : সদায় ক্লান্ত অনুভৱ অথবা অলপ কাম কৰিলেই গাত শক্তি নথকাৰ দৰে লগা ।
৩. বমি ভাব আৰু খাদ্যৰ অৰুচি : লিভাৰ বা যকৃতৰ এনজাইম নিঃসৰণ কম হ’লে খাদ্য হজম ঠিকমতে নহয়। ফলত বমিৰ অনুভৱ হয় আৰু খোৱাৰো আগ্ৰহ নাথাকে ।
৪. অজানিতে ওজন হ্ৰাস : হঠাতে খাদ্যৰ অৰুচি আৰু পুষ্টি হ্ৰাসৰ ফলত দেহৰ ওজন কমি যাব পাৰে ।
৫. পেটফুলা বা ভৰি ফুলা : যেতিয়া তলপেটটো অলপ ফুলা-ফুলা লাগে বা ভৰিত পানী জমে সেয়াও হ’ব পাৰে লিভাৰ দেমেজৰ প্ৰধান কাৰণ ।
৬. মানসিক বিভ্ৰান্তি বা স্মৃতি শক্তিৰ হ্ৰাস : শৰীৰত টক্সিন জমা হ’লে মগজুত প্ৰভাৱ পেলায়। ফলস্বৰূপ মনোবিকাৰ, অলসতা, স্মৃতি শক্তি হ্ৰাস ইত্যাদি হ’ব পাৰে ।
**উপসংহাৰ : লিভাৰ দেমেজৰ সংকেতবোৰ একো ধ্বনিৰ নহয়, ই নীৰৱ, কোমল, আৰু চিৰস্থায়ী। তাৰ বাবে এই সংকেতবোৰ চিনাক্ত কৰাটো আমাৰ দায়িত্ব আৰু প্ৰয়োজন । সুস্থ লিভাৰ মানেই সুখী জীৱন।স্বাস্থ্যকৰ খাদ্য, নিয়মিত পৰীক্ষা আৰু মৰমেৰে শৰীৰৰ যতন, এইবোৰেই নিজৰ প্ৰতি ভালপোৱাৰ প্ৰকৃত ৰূপ ।
16