উৎকট গৰমত যেন জ্বলিছে ৰাজ্য৷
গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা তথ্য অনুসৰি ডিব্ৰুগড়ত সর্বোচ্চ তাপমান ৩৮.৭ ডিগ্রী চেলছিয়াছ স্পৰ্শ কৰিছে। গৰমৰ দিনত যিমানেই তাপমাত্রা বৃদ্ধি পায়, সিমানেই ছানষ্ট্ৰোক হোৱাৰ আশংকা বেছি থাকে। আগতে ছানষ্ট্ৰোক আক্রান্ত হোৱা লোকৰ সংখ্যা কম আছিল যদিও বৰ্তমান বৃদ্ধি পাবলৈ ধৰিছে ছানষ্ট্ৰোকৰ আশংকা৷
ইয়াৰ কাৰণ বিভিন্ন হ’ব পাৰে।
আমি জানো যে আমাৰ শৰীৰে এক নির্দিষ্ট পৰিমাণৰ তাপহে সহ্য কৰিব পাৰে। যেতিয়া এই তাপমাত্রা অস্বাভাৱিক হয়, তেতিয়া শৰীৰৰ অংগসমূহ স্বাভাৱিকভাবে কার্য সম্পাদনাত ব্যাঘাত জন্মা দেখা যায়।
কিছুমান বিশেষ পৰিস্থিতি তথা কাৰণৰ হেতুকে এনে সমস্যাৰ উদ্ভৱ হয়।
জানিব পৰা মতে, যিসকলে অতিৰিক্ত পৰিশ্ৰম কৰে বা নির্দিষ্ট কর্মতালিকা নাই। ব্যায়ামাগাৰ আদিত ব্যায়াম কৰি থাকিলেও এনে সমস্যাই গা কৰি উঠিব পাৰে।
হিট এক্সাচন হ’লে মূৰৰ বিষ হয়, বমি হ’ব পাৰে, মূৰঘুৰণি হয়, শৰীৰ দুৰ্বল অনুভৱ হ’বলৈ ধৰে, তদুপৰি মানুহ খিংখিঙীয়া স্বভাৱৰো হয়।
লগতে ছানষ্ট্ৰোক হ’লে শৰীৰৰ উত্তাপ অস্বাভাৱিক হৈ পৰে৷
ছানষ্ট্ৰোকৰ পৰা কেনেকৈ হাত সাৰিব-
ঘৰৰ বাহিৰলৈ ওলালে বা ৰ’দত বেছি সময় কাম কৰিবলগীয়া হ’লে এটা ছাতি লগত ৰাখিব। ছাতি ল’লে শৰীৰত পোনপটীয়াকৈ সূৰ্যৰ ৰশ্মি নপৰে। স্কুললৈ যাওঁতে ছাতি লৈ যোৱাটো ছানষ্ট্ৰোকৰ পৰা ৰক্ষা পোৱাৰ সহজ উপায়।
গৰমৰ দিনত লগত এটি পানীৰ বটল লৈ ওলালে প্রয়োজন মতে পানী খাব পাৰি।
যেতিয়া ৰ’দত কাম কৰি থাকিলে বা ঘূৰি ফুৰি থাকিলে শৰীৰটো দুৰ্বল অনুভৱ হয়, তেতিয়া ছাঁত জিৰণি ল’ব লাগে। সাধাৰণতে ৰাস্তাৰ দুয়োফালে গছ-গছনি থকা গছ-গছনিৰ তলত কিছু সময় জিৰণি ল’লে দুর্বল ভাব নোহোৱা হয়। যদি সম্ভৱ হয় মুখমণ্ডলত ভালদৰে ঠাণ্ডা পানী মাৰিব লাগে। হাত-ভৰি ধুই মুখমণ্ডলত পানী মাৰিলে সতেজ অনুভৱ হয় কৰা হয়৷
এনেদৰে গ্ৰীষ্ম কালৰ দিন কেইটাত অলপ পৰিমাণে হ’লেও সাৱধানতা অৱলম্বন কৰিলে ছানষ্ট্ৰোকৰ পৰা পৰিত্ৰাণ পাব পাৰি৷