মহাত্মা গান্ধীয়ে কৈছিল’এজন পুৰুষক শিক্ষা দিয়া মানে কেৱল তেওঁক শিক্ষা দিয়া, কিন্তু এগৰাকী নাৰীক শিক্ষা দিয়া মানে এখন সমাজক শিক্ষিত কৰা’।
জানো আহক কেইগৰাকীমান মহিয়সী নাৰীৰ বিষয়ে:
নাৰী তুমি অনন্যা,নাৰী তুমি অৰ্ধ আকাশ। মৰম নামৰ শব্দৰ তুমিয়েই উৎস।জীৱনৰ প্ৰতি কোঁহে কোঁহে,তোমাৰ যাদুকৰী হাতৰ পৰশে আনি দিয়ে নতুন ছন্দ’।পুৰুষৰ অবিহনে নাৰীৰ যিদৰে কল্পনা কৰিব নোৱাৰি সেই দৰে নাৰীৰ অবিহনেও পুৰুষ বৰ্ত্তি থাকিব নোৱাৰে। নাৰী অবিহনে সৃষ্টি অসম্ভৱ,সমাজো অসম্ভৱ।ইতিহাসৰ পাত লুটিয়ালে দেখা যায় অসমীয়া নাৰী কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই। অসমীয়া নাৰীয়েও কেৱল গতানুগতিক কামতে ব্যস্ত নাথাকি পুৰুষৰ সমানে ৰাজকাৰ্য চলাইছিল,ৰণাংগণলৈ গৈছিল,সমাজ গঠনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছিল। বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দৰে শাসনকৰ্তা, মূলা গাভৰুৰ দৰে বীৰাংগনা,কুৰঙ্গনয়নী, পিজৌ গাভৰুৰ দৰে কূটনীতিবীদ আদি সাহসী,হিৰণ্যগৰ্ভা নাৰী সকলে জন্ম লৈছিল এইখন অসমতে।
অসম বুৰঞ্জীৰ পাতত পতিভক্তি আৰু দেশভক্তিৰ অনন্য নিদৰ্শনেৰে উজ্জ্বলি থকা আন এগৰাকী অসমীয়া নাৰী হ’ল ‘জয়মতী’।১৭০০ শ শতিকাৰ আহোম ৰাজত্ব কালত হোৱা অশান্ত ৰাজনৈতিক পৰিস্থিতি আৰু ৰাজ্য বিপ্লৱৰ অৱসান ঘটাই দেশত পুনৰ শান্তি প্ৰতিষ্ঠা কৰি দেশবাসীলৈ অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা দূৰ দৃষ্টিসম্পন্না, ৰাজনৈতিকভাৱে সচেতন এই গৰাকী মহীয়সী নাৰীয়ে মৰ্যাদাৰ যুঁজত প্ৰাণ আহুতি দি দেখুৱাই গ’ল সাহস আৰু ত্যাগৰ চূড়ান্ত নিদৰ্শন।
খেল,অভিনয়,সংগীত,ফেশ্বন জগতত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অসমীয়া মহিলাই।কেৱল ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তৰাষ্ট্ৰীয় পৰ্যায়তো অসমৰ মহিলাই অসমৰ বাবে কঢ়িয়াইছে সুনাম। আন্তৰাষ্ট্ৰীয় পৰ্যায়ত টেবুল টেনিছত স্বৰ্ণপদক বিজয়ী প্ৰথম অসমীয়া মহিলা খেলুৱৈ আছিল মনালিছা বৰুৱা মেহতা লগতে অৰ্জুন বঁটা প্ৰাপক প্ৰথম অসমীয়া মহিলা। ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে। অসম কন্যা এথলীট হিমা দাসে অসমৰ দ্বিতীয় গৰাকী অৰ্জুন বঁটা প্ৰাপ্ত মহিলা তথা ভোগেশ্বৰ বৰুৱাৰ পাছত হিমা দাস আন্তৰ্জাতিক পৰ্যায়ত পদক লাভ কৰা অসমৰ একমাত্ৰ এথলিট।
অলিম্পিকৰ ১২৫ বছৰীয়া ইতিসাহত অসমলৈ পদক কঢ়িয়াই অনা প্ৰথম গৰাকী মহিলা খেলুৱৈ হৈছে লাভলীনা বৰগোঁহাই, ২০২০ চনত তেওঁক অৰ্জুন বঁটা প্ৰদান কৰা হয় আৰু ২০২১ চনত ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটা প্ৰদান কৰা হয়।অৰ্জুন বঁটা প্ৰাপ্ত আন এগৰাকী অসমীয়া মহিলা খেলুৱৈ নয়নমণি শইকীয়া। কমনৱেলথ গেমছত পদক লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা আৰু সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া নয়নমণি শইকীয়া।
বক্সিঙত ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ বাবে সুনাম কঢ়িয়াই আনিছিল যমুনা বড়ো,অংকুশিতা বড়ো, ফুইলাও বসুমতাৰী।বক্সিঙৰ লগতে সাঁতোৰতো অসমৰ নাম উজ্বলোৱা মহিলা সাঁতোৰবিদ হ’ল শিৱাংগী শৰ্মা, আস্থা চৌধুৰী,মিঠু বৰুৱা। বেডমিন্টনত অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত উজলাইছিল অস্মিকা চলিহা আৰু টাইকোনডোত অসমৰ নাম উজলাইছিল অসমৰ ৰ’দালি বৰুৱাই।
খেল জগতৰ লগে লগে চলচ্চিত্ৰ জগতখনটো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া মহিলাই কঢ়িয়াই আনিছে অসমলৈ সুনাম।প্ৰায় ৮০ খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰৰ্দশিত হোৱা আৰু ৪৪ টা বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰা ভিলেজ ৰকষ্টাৰ ছবিখনৰ নিৰ্মাতা ৰীমা দাস এগৰাকী অসমীয়া। অস্কাৰলৈ ভাৰত চৰকাৰৰ আধিকাৰীক প্ৰবিষ্টি লাভ কৰা এইখন প্ৰথম অসমীয়া ছবি। বিশ্ব বিখ্যাত পেৰিছ ফেশ্বন উইকত সংযুক্তা দত্তই অসমৰ পাট কাপোৰৰ ন-সম্ভাৰেৰে প্ৰদৰ্শন কৰি সমাদৰ বুটলিবলৈ সক্ষম হৈছে।
বৰ্তমান সময়ত নাৰীয়ে নিজৰ কৰ্মদক্ষতাৰে অসমীয়াৰ ভড়াল পূৰ্ণ কৰিছে।