Home » সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত শক্তিপীঠ কামাখ্যা

সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত শক্তিপীঠ কামাখ্যা

by pooja thakuria
0 comments

সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত শক্তিপীঠ কামাখ্যা

দেৱীৰ আশিস বিচাৰি পদব্রজে যাত্রা অসংখ্যজনৰ

দেশ- বিদেশৰ অগণন ভক্তপ্রাণ ৰাইজৰ উপস্থিতিৰে সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত হৈছে কামাখ্যা ধাম। আজি অম্বুবাচী মহাযোগৰ তৃতীয় দিন ।দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু-সন্ন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিৰে আধ্যাত্মিকতাৰ মহামিলনৰ থলীত পৰিণত হৈছে নীলাচল পাহাৰ।

উল্লেখ্য যে নীলাচল পাহাৰৰ মাজেৰে কানাকা থামলে উঠি যোৱা পথটোৰ বিভিন্ন অংশ ভূমিস্খলন প্ৰৱণ হৈ থকাৰ বাবে আৰক্ষী-প্রশাসনে এইবাৰ জৰুৰীকালীন সেৱাৰ বাবে আন বাহনৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। যাৰ ফলত নামনি কামাখ্যাৰ পৰা জুৰৰীকালীন সেৱাৰ বাদে সকলো ভক্তপ্রাণ ৰাইজক পদব্রজে যাবলৈ আহ্বান জনাইছিল প্রশাসনে। আজি দিনত প্ৰতিকুল বতৰকো নেওচি পদব্রজে মা কামাখ্যাৰ শ্রীচৰণ সেৱা আগবঢ়াবলৈ কামাখ্যা ধাম অভিমুখে যোৱা পৰিলক্ষিত হয়। অৱশ্যে ৰাইজৰ এই যাত্ৰাৰ সময়ত যাতে কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্রতি সচেতন হৈ থাকিল প্রশাসন তথা আৰক্ষীৰ লোকসকল। এককথাত ক’বলৈ হ’লে এইবাৰ অম্বুবাচী মহাযোগৰ আয়োজন আছিল অত্যন্ত সুপৰিকল্পিত। নামনি কামাখ্যাৰ পৰাই কামাখ্যা ধামলৈ যোৱা পথটোৰ বাদেও মেখেলা উজোৱা খটখটিৰ পথটোতো প্রশাসনে নিয়োগ কৰিলে স্বেচ্ছাসেবক তথা আৰক্ষীৰ লোক। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দেৱীৰ আশিস বিচাৰি আহিছে তৰুণ যুৱক-যুৱতীৰ পৰা আবাল বৃদ্ধ-বনিতালৈ। অম্বুবাচীৰ সময়ছোৱাত দেৱীৰ আশিস লাভ কৰাটো সকলোৰে উদ্দেশ্য। কিন্তু ইচ্ছা কৰিলেও একাংশ বৃদ্ধ দর্শনার্থীয়ে খোজকাঢ়ি মন্দিৰলৈ যোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হয়। সমান্তৰালকৈ বিভিন্ন সাধু সন্তৰ তপ যপৰে মায়াময় হৈ উঠিছে নীলাচলৰ বুকু।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map