২৭ জুন, ২০২৫ঃ আজিৰে পৰা আৰম্ভ ঐতিহাসিক জগন্নাথ ৰথ যাত্ৰা। ওড়িশাৰ পুৰীৰ ৰথ যাত্ৰা ভাৰতৰ অন্যতম প্ৰাচীন আৰু পৱিত্ৰ ধৰ্মীয় তীৰ্থযাত্ৰা । প্ৰতি বছৰে আহাৰ মাহৰ শুক্ল পক্ষৰ দ্বিতীয়া তিথিত পালন কৰা হয় ৰথ যাত্ৰা ।
ভগৱান জগন্নাথৰ ৰথ যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ভিৰ কৰিছে দেশ-বিদেশৰ লাখ লাখ ভক্তই। মান্যতা অনুসৰি ভগৱান জগন্নাথ, ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰা ৰথত উঠি ভক্তসকলৰ মাজলৈ আহে। ৰথ যাত্ৰাৰ বাবে বছৰি ৩খন ৰথ তৈয়াৰ কৰা হয়।
৫ প্ৰকাৰৰ কাঠেৰে সজোৱা এই ৰথৰ উচ্চতা ৪৫ ফুট।ৰথ যাত্ৰা উপলক্ষে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে গ্ৰহণ কৰিছে ব্যৱস্থা। মোতায়েন কৰা হৈছে প্ৰায় ১০ হাজাৰ নিৰাপত্তাৰক্ষী। চহৰখনৰ ভিন্ন স্থানত ২৭৫টা AI সক্ষম কেমেৰা স্থাপন কৰা হৈছে।