২৬ জুন, ২০২৫ঃ পাকঘৰৰ কামতে ব্যস্ত থকা আমাৰ একাংশ গৃহিণীয়ে সৌন্দৰ্য চৰ্চা কৰিবলৈ আহৰি নাপায় ৷ পৰিয়ালৰ ইটো-সিটো জঞ্জাল তথা আল-পৈচান ধৰোতেই দিনটোৰ অন্ত পৰে ৷ সেইসকল মহিলাৰ বাবে ব্যস্ততাৰ মাজতে কৰিব পৰা সৌন্দৰ্য চৰ্চাৰ কিছু আভাস এই লেখাত দিবলৈ প্ৰয়াস কৰা হৈছে ৷ মুখমণ্ডলত দেখা দিয়া বয়সৰ চাপ, বিভিন্ন দাগ আদিয়ে আপোনাৰ বাৰু মানসিকভাৱে হতাশাগ্ৰস্ত কৰি তুলিছে নেকি ? অথবা ঋতুৰ প্ৰভাৱৰ বাবে মুখমণ্ডল তথা শৰীৰৰ বিভিন্ন অংশ শোতোৰা-শোতোৰ হৈ পৰিছে নেকি ? চিন্তা নকৰিব, আপোনাৰ এই সমস্যাৰ পৰা মুক্তিৰ বাবে ঘৰতে কৰিব পৰা বহু পৰিচৰ্যা আছে ৷ মাথোঁ অজ্ঞতাৰ বাবে বহুতেই এইসমূহ নকৰে ৷ এই সংখ্যাত ঘৰতে আমাৰ মুখমণ্ডলৰ পৰিচৰ্যা কৰিব পৰা কেতবোৰ উপাদানৰ বিষয়ে অৱগত কৰা হৈছে ৷
বৰ্তমান সময়ত দামী সৌন্দৰ্য সামগ্ৰী আৰু ৰাসায়নিক দ্ৰব্যৰে ভৰপূৰ ছালৰ যত্নৰ সামগ্ৰীৰ মাজতে আকৌ এবাৰ ঘৰুৱা ঔষধৰ ফালে মুখ কৰিছে মানুহে ৷ আমাৰ পাকঘৰত উপস্থিত থকা কিছুমান সাধাৰণ উপাদানৰ সহায়ত আমি আমাৰ ছালৰ যত্ন ল’ব পাৰো যিসমূহ সামগ্ৰী আমাৰ ছালত অদ্ভুতভাৱে কাম কৰিব পাৰে ৷ প্ৰাকৃতিক বস্তুৰে ছালৰ যত্ন কেনেকৈ লব পাৰি জানো আহক-
১) ছাল পৰিষ্কাৰ কৰাৰ বাবে কেঁচা গাখীৰ:-
কেঁচা গাখীৰ প্ৰাকৃতিক পৰিষ্কাৰক ৷ ই ছালৰ পৰা মলি আৰু ধূলি আঁতৰাই পৰিষ্কাৰ আৰু কোমল কৰি তোলে ৷ কপাহী এটাত গাখীৰ লগাই মুখত লগাই কেইমিনিটমানৰ পিছত ধুই ল’ব ৷
২) বেচন আৰু হালধি :-এক্সফোলিয়েচনৰ বাবে গ্ৰাম আটা আৰু হালধিৰ মিশ্ৰণে ছালৰ পৰা মৃত কোষ আঁতৰাই ৰং উন্নত কৰে ৷ ২ চামুচ হালধি, এচিকুট হালধি আৰু অলপ গোলাপ পানী মিহলাই পেষ্ট বনাওক ৷ মুখত লগাই ১০-১৫ মিনিটৰ পিছত লাহে লাহে ঘঁহি ধুব ৷
৩) মইশ্ব’ৰাইজিঙৰ বাবে এলোভেৰা জেল:-এলোভেৰাই ছালখনক হাইড্ৰেট কৰি শীতল প্ৰভাৱ প্ৰদান কৰে ৷ সতেজ এলোভেৰা পাতৰ পৰা জেল উলিয়াই মুখত লগাওক ৷ শুকান আৰু সংবেদনশীল ছালৰ বাবে ই অতি উপকাৰী ৷
৪) টোনিঙৰ বাবে গোলাপ পানী:- গোলাপৰ পানী হৈছে এক উৎকৃষ্ট প্ৰাকৃতিক টোনাৰ ৷ ই ছালৰ পি এইচ বেলেন্স বজাই ৰাখে আৰু ইয়াক সতেজ কৰি তোলে ৷ দৈনিক মুখ ধুই গোলাপ পানী লগালে উপকাৰী ৷
৫) টেন আঁতৰোৱাৰ বাবে আলুৰ ৰস:-
আলুৰ ৰসত ব্লিচিং গুণ থাকে যিয়ে টেন আঁতৰোৱাত সহায় কৰে ৷ আলুখিনি কুটি তাৰ ৰস উলিয়াই মুখত লগাব ৷ ১৫ মিনিটৰ পিছত ধুই পেলাব ৷
৬) পদিনাৰ পেক:-পদিনা অধিকাংশ মানুহৰে বাৰীত থাকে ৷ এই পদিনা ভালদৰে পিহি লৈ প্ৰথমতে পেষ্ট বনাই ল’ব ৷ প্ৰায় পোন্ধৰ মিনিট এই পেষ্ট মুখত লগাই থ’ব, তাৰ পাছত ঠাণ্ডা পানীৰে মুখখন ধুই দিব ৷ এই পেকে মুখমণ্ডলৰ অতিৰিক্ত শুকান ভাব শুহি লয় ৷
৭) তিয়ঁহৰ পেক:-তিয়ঁহৰ ৰস নাইবা তিয়ঁহ পিহি মুখত লগাব লাগে ৷ তিয়ঁহৰ এই পেকে প্ৰাকৃতিক এষ্টিনজেন্টৰ কাম কৰে ৷ যাৰ ফলত মুখমণ্ডলৰ উজ্জ্বলতা বৃদ্ধি পায় ৷
৮) দৈৰ পেক:-প্ৰয়োজন অনুসৰি বেচন লৈ তাৰ লগত দুগুণ মাত্ৰাত দৈ আৰু কেইটোপালমান নেমুৰ ৰস মিহলাই মুখত লগাব ৷ এই পেক লগালে মুখমণ্ডলত আপুনি শীতলতাৰ আমেজ অনুভৱ কৰিব ৷ এই পেক সাধাৰণতে সকলো প্ৰকাৰৰ ছালৰ বাবেই উপকাৰী ৷
৯) স্বাভাৱিক ছালৰ বাবে পেক:-
সামগ্ৰী: অমিতা পিহা আৰু চন্দন পাউডাৰ ৷
কেনেকৈ প্ৰস্তুত কৰিব:-অমিতা পিহা আৰু চন্দন পাউডাৰ একেলগ কৰি প্ৰথমে ভালদৰে মিহলাই লৈ সেই পেক মুখত প্ৰায় বিশ মিনিট সময় লগাই থ’ব ৷ এই পেকে মুখত মৃত ছাল আঁতৰাই মুখখন পৰিষ্কাৰ কৰাৰ লগতে ই ছাললৈ উজ্জ্বলতা আনিব ৷