২৯ জুন, ২০২৫ঃ ব্ৰাজিল,ইকুৱেডৰ,পেৰুকে ধৰি 9খন দেশ আগুৰি থকা, মাটিকালি আমাৰ দেশৰ প্ৰায় দুগুণ আমাজন বৰ্ষাৰণ্য হৈছে পৃথিৱীৰ বৃহত্তম বৰ্ষাৰণ্য । পৃথিৱীৰ গোটেই বৰ্ষাৰণ্যবোৰৰ 60%ৰ অধিক মাটিকালি থকা আমাজনক প্ৰায়ে “পৃথিৱীৰ হাওঁফাওঁ”(“Lungs of Earth”)বুলি কোৱা হয় ।আমাজন এক জটিল পৰিৱেশ তন্ত্ৰ, ফলত এই উপমাই ইয়াৰ ভূমিকাক অতি সৰল কৰি তোলে আৰু বিশ্বৰ অক্সিজেনৰ মাত্ৰা আৰু জলবায়ু নিয়ন্ত্ৰণত ইয়াৰ অৱদানৰ বিষয়ে ভুল ধাৰণা গঢ়ি তোলে। আমাজনৰ প্ৰকৃত পৰিৱেশগত তাৎপৰ্য্য আৰু ইয়াক সুৰক্ষিত কৰাৰ জৰুৰী প্ৰয়োজনীয়তাক উপলব্ধি কৰিবলৈ এই ভুল ধাৰণাসমূহ বুজাটো অতি প্ৰয়োজনীয়।
এটা ডাঙৰ ভুল ধাৰণা হ’ল: ” আমাজন বৰ্ষাৰণ্যত বিশ্বৰ প্ৰায় 20% অক্সিজেন উৎপন্ন হয়” । পৃথিৱীত প্ৰথম অক্সিজেন সৃষ্টি কৰিছিল সাগৰীয় উদ্ভিদে প্ৰধানকৈ ফাইটোপ্লাংকটনে । সেয়েহে বিজ্ঞানীসকলে অনুমান কৰে যে স্থলজ অৰণ্যৰ পৰা নহয়, সাগৰীয় অৰণ্যৰ পৰা 50-85% অক্সিজেন উৎপন্ন হয় । ইয়াৰ উপৰি, যদিও আমাজন সবাতোকৈ বিশাল বৰ্ষাৰণ্য, কিন্তু ৰাছিয়া দেশৰ অৰণ্যৰ মাটিকালি আমাজনতকৈ অধিক । তথাপিও আজিলৈ সেই অৰণ্যক কোনেও হাওঁফাওঁৰ উপমা দিয়া নাই । লগতে আমাজনে উৎপাদন কৰা অক্সিজেনখিনি আমাজনেই আকৌ ব্যৱহাৰ কৰে । সালোক সংশ্লেষণৰ জৰিয়তে আমাজনৰ গছবোৰে অক্সিজেন উৎপন্ন কৰে যদিও আমাজনৰ অৰণ্যত থকা উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ শ্বাস-প্ৰশ্বাসৰ ফলত অক্সিজেনৰ এক উল্লেখযোগ্য অংশ ব্যৱহাৰ হৈ যায়। যাৰ বাবে গাণিতিক দিশত অক্সিজেন আগবঢ়োৱাত আমাজনৰ অৱদান প্ৰায় শূণ্য ।
আন এটা ভুল ধাৰণা হ’ল ,”আমাজনৰ ধ্বংসৰ লগে লগে বিশ্বত অক্সিজেনৰ মাত্ৰা যথেষ্ট কমি যাব” । বনাঞ্চল ধ্বংসৰ পৰিণাম ভয়াৱহ হ’লেও পৃথিৱীৰ অক্সিজেনৰ মাত্ৰা ৰাতিটোৰ ভিতৰতে ব্যাপক হাৰত কমি নাযায়। আমাজনে বিপুল পৰিমাণৰ কাৰ্বন সংৰক্ষণ কৰে আৰু আমাজন অৰণ্যৰ ধ্বংসই এই কাৰ্বনক কাৰ্বন ডাই-অক্সাইড(CO2) হিচাপে বায়ুমণ্ডলত এৰি দিব পাৰে, যিয়ে আকৌ জলবায়ু পৰিৱৰ্তনক অধিক ভয়াৱহ কৰি তুলিব পাৰে । আঞ্চলিক বৰষুণ নিয়ন্ত্ৰণ আৰু জৈৱ বৈচিত্ৰ্যক সংৰক্ষণত আমাজনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, কিয়নো আমাজন হৈছে লাখ লাখ প্ৰজাতিৰ বাসস্থান আৰু সমগ্ৰ দক্ষিণ আমেৰিকাত বতাহ-বৰষুণ আৰু আৰ্দ্ৰতাৰ আৰ্হিক আমাজনে প্ৰভাৱিত কৰে। “হাওঁফাওঁ” উপমাটোৱে এই বহল পৰিৱেশগত কাৰ্য্যসমূহ অস্পষ্ট কৰি তোলে, বিশ্ব পৰিৱেশ তন্ত্ৰলৈ আমাজনৰ বহুমুখী অৱদানৰ পৰিৱৰ্তে অক্সিজেনৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰে ।
এইটো সঁচা যে অক্সিজেন উৎপাদনকাৰীৰ নামত আমাজনৰ জনপ্ৰিয়তা অধিক কৰাৰ বাবে পৃথিৱীৰ অন্যান্য অৰণ্যসমূহ বিশেষকৈ সাগৰীয় অৰণ্যসমূহ অলপ গুৰুত্বহীন হৈ আহিছে । কিন্তু কাৰ্বন নিষ্কাশন, জৈৱ বৈচিত্ৰ্য, আৰু জলবায়ু নিয়ন্ত্ৰণৰ বাবে আমাজন বৰ্ষাৰণ্য পৃথিৱীৰ পৰিৱেশ তন্ত্ৰৰ এক অবিচ্ছেদ্য অংগ । আমাজনৰ প্ৰয়োজনীয়তাক ভালদৰে উপলব্ধি কৰি ইয়াক সুৰক্ষিত কৰাৰ বাবে বিজ্ঞানভিত্তিক সংৰক্ষণ প্ৰচেষ্টাবোৰক আঁকোৱালি ল’বলৈ এই আকৰ্ষণীয় উপমাটি “Lungs of Earth”ৰ বাহিৰলৈ যোৱাৰ প্ৰয়োজন; যাৰ ফলত পৃথিৱীৰ পৰিৱেশ ভাৰসাম্যৰ বাবে আমাজনৰ জটিল আৰু অপৰিহাৰ্য অৱদানসমূহ অধিক স্পষ্ট হৈ উঠিব ।