২৯ জুন, ২০২৫ঃ গোলাঘাট জিলাৰ পূৱ প্ৰান্তত অৱস্থিত এখন গাঁও। মনোমোহা গাঁওখনৰ আধ্যাত্মিক পৰিৱেশ, সৰল মনৰ মানুহবোৰৰ কথাবোৰেই ভাল লাগি যায়। গাঁওখনৰ নাম দোলাষৰীয়া গাঁও। গোলাঘাট নগৰৰ ৮ কিঃ মিঃ নিলগত আছে ৰাজহ গাঁওখন। গছ-গছনি, চাহ বাগিচাৰে পৰিপূৰ্ণ তথা সেউজীয়াৰে আৱৰা দোলাষৰীয়া গাঁও। দোলাষৰীয়া গাঁৱতে আছে ঐতিহাসিক ভুবনমোহন মন্দিৰ। মন্দিৰৰ ধৰ্মীয় পৰিৱেশত সংক্ৰিপ্ত হৈ আছে গাঁওবাসী।
ভুবনমোহন মন্দিৰে দিছে অঞ্চলবাসীক সংস্কাৰীমুখী শিক্ষা। ধৰ্মীয় নীতি, ধৰ্মীয় ভাৱধাৰাৰে পৰিচালিত হৈ কিবা যেন অদৃশ্য শক্তি লাভ কৰিছে অঞ্চলবাসীয়ে। মানুহ-মানৱতা ইত্যাদিবোৰ যেন গাঁওবাসীক শিকাইছে ভুবনমোহন মন্দিৰৰ আধ্যাত্মিক পৰিৱেশবোৰে। কিবা এটা ভাল খবৰ আহিলেও এগছি বন্তি জ্বলাই অঞ্চলবাসীয়ে আঁঠু লয়হি মন্দিৰৰ মণিকূটৰ সন্মুখত। বেয়া দিন আহিলেও শৰাই শলিতা দি নেদেখাজনৰ ওচৰত সমৰ্পিত হয় অঞ্চলবাসী। নভবাকৈয়ে ভুবনমোহনে দিয়ে ঐশ্বৰীক শক্তি। বহুতে কয় মন্দিৰভাগ জাগ্ৰত। জাগ্ৰত মন্দিৰৰ চাৰিসীমা।
দূৰ-দূৰণিৰ লোকসকল এতিয়া ভুবনমোহনলৈ আহিছে, বিচৰাবোৰ পাইছে। মন্দিৰভাগ কেনেকৈনো হ’ল দোলাষৰীয়াত? বুৰঞ্জী প্রসিদ্ধ দক্ষিণপাট সত্ৰৰ পঞ্চদশ সত্ৰাধিকাৰ সাধক সিদ্ধ পুৰুষ শ্ৰীশ্ৰী ৰমানন্দ দেৱগোস্বামী প্ৰভুৱে বিগত ১৯৭৫ চনৰ ফাগুন মাহৰ ৮ তাৰিখে দোলাষৰীয়া গাঁৱৰ যি স্থানত বাহৰ পাতি প্ৰায় দুমাহ কাল থাকি যাৱতীয় ধর্ম কাৰ্যেৰে ৰাইজৰ মাজত সাৱলীল ভগৱৎভক্তিৰ সঞ্চাৰ কৰিছিল, তেতিয়াই সত্ৰাধিকাৰ প্ৰভুৰ অন্তৰত পবিত্ৰ ভাৱৰ উন্মেষণ আৰু শুভ ইচ্ছাত বাহৰৰ থলীতেই প্রয়াত ঠগীৰাম বৰাদেৱে দান কৰা মাটিত আঞ্চলিক ভিত্তিত শ্ৰীশ্ৰীভুবনমোহন মন্দিৰে জন্ম লাভ কৰে।
ৰাইজৰ দান বৰঙণিৰ ভিত্তিত ১৯৮৯ চনত প্ৰভুজনাই মন্দিৰৰ স্থায়ী আধাৰশিলা প্ৰতিষ্ঠা কৰে। ১৯৯৮ চনত প্ৰভুগৰাকী তৃতীয় বাৰলৈ এই মন্দিৰত বাহৰ পাতি প্ৰায় চাৰিমাহ থাকি মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত ৰাইজক দিহা পৰামৰ্শ দিয়াৰ লগতে আধ্যাত্মিক, পাৰমার্থিক চর্চ্চাৰ যোগেদি গুৰু শিষ্যৰ মাজত একাত্মতা গভীৰ কৰি তুলিছিল।
২০০০ চনৰ ২৪ আঘোণত গুৰুজনাৰ মহাপ্রয়াণ হোৱাত গুৰু জনাই নিজে মন্দিৰভাগত বিগ্রহ প্রতিষ্ঠা কৰি যাব নোৱাৰিলে। পৰবৰ্তী কালত দক্ষিণপাট সত্রব ফেৰ সত্রাধিকাৰ পূজ্যপাদ শ্রীশ্রীননীগোপাল দেৱগোস্বামী প্রভু ঈশ্বৰে মুখ্য পৃষ্ঠপোষকতাৰ ভূমিকা লৈ ২০০১ চনৰ আহাৰ মাহৰ ১১ তাৰিখে চলাজনা প্রভুঈশ্বৰৰ সপোন বাস্তৱত ৰূপায়ণ কৰি শুভদিনৰ শুভক্ষণত অসমত প্ৰথমবাৰৰ বাবে সম্পূর্ণ বৈদিক প্ৰথাৰে “সপ্তাহ শ্রবণ ভাগবত পাঠ যজ্ঞ” সম্পাদন কৰিলে আৰু পবিত্র মাঙ্গলিক পৰিবেশত মন্দিৰত বিগ্রহ প্রতিষ্ঠিত হ’ল।
প্রকৃতার্থত বিগ্রহ প্রতিষ্ঠাই মন্দিৰভাগক অধিক প্রাণৱন্ত কৰি তুলিলে। বিগ্রহ প্রতিষ্ঠা হোৱা দিনৰ পৰাই এই মন্দিৰত নিত্য-পূজা, নিত্য প্ৰসংগৰ লগতে দৈনিক ভাগৱত পাঠ চলি আহিছে। তেতিয়াৰ পৰাই এই মন্দিৰত প্ৰতি বছৰে ১১ আহাৰত প্ৰতিষ্ঠা দিৱস আৰু ১২ আহাৰত ভাগৱত পাঠ অনুষ্ঠিত কৰা এক পৰম্পৰাত পৰিণত হৈছে। তদুপৰি এই মন্দিৰত ৮ ফাগুনত গুৰু আগমনি তিথি, গুৰু দুজনাৰ তিথি, জন্মাষ্টমী, ৰাস, ফল্পোৎসৱ, তুলসীদিয়া পূজা, শিৱৰাত্ৰি অনুষ্ঠিত হৈ আহিছে। আই সকলেও প্রতি সোমবাৰ আৰু বৃহস্পতিবাৰে নামলৈ আহিছে।
চাওতে-চাওতে সোণালী জয়ন্তী গৰকিলে প্ৰসিদ্ধ ভুৱনমোহন মন্দিৰে। ২৬,২৭,২৮ জুন (২০২৫) ৩ দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন কৰা হয়।
প্ৰতিষ্ঠায় সাৰ্ব্বভৌমং সদ্মনা ভুৱনত্ৰয়ম।
পূজাদিনা ব্ৰহ্ম লোকং ত্ৰিভিৰ্মৎ সাম্যতামিয়াৎ।।
সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হৈ যোৱা উল্লেখনীয় কাৰ্যসূচী আছিল মুকলি সভা আৰু যুৱ সন্মিলন। যুৱ সন্মিলনৰ বিষয় আছিল ‘যুৱ প্ৰজন্মৰ উন্নত জীৱন যাত্ৰাত আধ্যাত্মিকতাৰ প্ৰয়োজনীয়তা। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱগোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গুৰু গম্ভীৰ আলোচনাত উপস্থিত থাকে আধ্যাত্মিক যুৱ সন্মিলন, অসমৰ কাৰ্যকৰী সভাপতি মন ৰাজগুৰু।
২৮ জুন শনিবাৰে অঞ্চলটোৰ চেমনীয়াসকলে ভাওনা প্ৰদৰ্শন কৰে। সিন্ধু মুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ’ নামৰ ভাওনাখনে সকলোকে আধাত্ম্য ৰস প্ৰদান কৰে। শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ শিল্পীবৃন্দৰ দ্বাৰা ৰজাঘৰীয়া নৃত্য প্ৰদৰ্শন কৰা হয়। সোণালী জয়ন্তী বৰ্ষ সফল কৰাৰ আঁৰত অঞ্চলবাসীৰ আছে অহোপুৰুষাৰ্থ আৰু নিস্বাৰ্থ সেৱা। অঞ্চলটোৰ এজন বৰেণ্যে ব্যক্তি হৈছে গুণেন বৰা। গুণেন বৰাৰ প্ৰচেষ্টাৰ বাবেই দোলাষৰীয়াত সৃষ্টি হৈছে আধ্যাত্মিক পৰিৱেশ। যি পৰিৱেশত একাত্ম্য হৈ যুৱ সমাজে একো কৰিব নোৱাৰিলেও সামাজিক চেতনাবোধ লাভ কৰিছে।
শৰৎ গগৈ মেধি, দেৱ প্ৰসাদ বৰা, নৃত্যা শইকীয়া, বিৰেণ কলিতা, দ্ৰোণকান্ত শইকীয়া, দণ্ড গগৈ, ৰবীন গগৈ, দেৱজিৎ বৰা, প্ৰৱণ শইকীয়া, ৰণ্টু বৰা, অচ্যুত বৰা আদিৰ বহু ব্যক্তিৰ প্ৰচেষ্টাত ভুবনমোহন মন্দিৰ দোলাষৰীয়াত জিলিকি আছে। সময় পালে আপুনিও এপাক আহিবচোন মন্দিৰলৈ। মন্দিৰলৈ সোমাওতে আপুনি অনুভৱ কৰিব প্ৰশান্তি, মনে লাভ কৰিব শান্তি।
জয়তু ভুবনমোহন মন্দিৰ।