অসমীয়া খাদ্যাভ্যাসৰ জনপ্ৰিয় পাচলি কল-পচলা
অসমীয়া সমাজ যেনেকৈ কলা-সংস্কৃতিত চহকী ঠিক তেনেকৈয়ে অসমীয়া সমাজৰ আছে চহকী খাদ্য-সম্ভাৰ। অসমীয়া সমাজত প্রায়ে খোরা বিভিন্ন শাক-পাচলিসমূহৰ আছে ঔষধি গুণ। বিহুৰ সময়ত তৃপ্তিদায়ক এই খাদ্য সম্ভাৰসমূহে বিভিন্ন ৰোগৰ পৰা উপশম দিয়ে। অসমীয়া সমাজ জীৱনত প্রাকৃতিক বস্তুসমূহ খোৱাৰ নিয়ম আছে।বিশেষকৈ বিহুৰ সময়ছোৱাত অসমৰ হাবি-বনে বিভিন্ন উদ্ভিদসমূহ খোৱাৰ নিয়ম অসম সমাজত আছে। ব’হাগৰ সময়তে হওক বা এনেই হওক অসমৰ হাবি-বনৰ পৰা আনি ৰন্ধা এই সমূহ ব্যঞ্জনৰ আছে বহুতো ঔষধি গুণ। এই খাদ্য সমূহে বহুতো ৰোগ নির্মূল কৰে।
কল পচলা ঔষধী গুণেৰে ভৰপূৰ।আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। পচলাত প্ৰচুৰ পৰিমাণে আঁহ থাকে।ইয়াৰ উপৰিও ভিটামিন B6, পটাচিয়াম, আইৰণ আদি পোৱা যায়।কৌষ্ঠকাঠিন্য, ৰক্ত হীনতা, উচ্চ ৰক্তচাপ,কলেষ্টৰল, পেটৰ চৰ্বি, পেচাবৰ সমস্যা, কিডনী স্তন, ডায়েবেটিছ, লিভাৰৰ সমস্যা, জণ্ডিচ ৰ সমস্যা আদি ৰোগৰ বাবে কল পচলা অতি উত্তম।
জানো আহক কল পচলাৰ ঔষধী গুণসমূহঃ
১/পচলাত আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী।
২/ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়।
৩/পচলাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
৪/ পচলা খালে কলেষ্টৰল সমস্যাত সুফল পোৱা যায়।
৫/ পচলাই কিডনীত পাথৰ হোৱাত বাধা দিয়ে।
৬/ পচলাই পেটৰ চৰ্বি কমোৱাত সহায়ক।
৭/ ডায়েবেটিচ ৰোগত পচলা উপকাৰী।
৮/ প্ৰস্ৰাৱৰ বিভিন্ন সমস্যাত পচলা খালে সুফল পোৱা যায়।
৯/ পচলা খালে শৰীৰত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থ সমূহ প্ৰস্ৰাৱ, পাইখানাৰ যোগেদি শৰীৰৰ পৰা উলিয়াই দিয়ে।
১০/ চকুৰ বিভিন্ন সমস্যাৰ বাবে কল পচলা উপকাৰী।
১১/ লিভাৰৰ বিভিন্ন সমস্যাত পচলা উপকাৰী।বিশেষকৈ ফেটি লিভাৰ, জণ্ডিচত পচলা খালে সুফল পোৱা যায়।