Saturday, October 11, 2025
Eng
Home » বোৱাৰীয়ে মছলা বতা শিলেৰে মৰিয়াই লেবেজান কৰিলে নিজ শাহুক,কিন্তু কিয়?

বোৱাৰীয়ে মছলা বতা শিলেৰে মৰিয়াই লেবেজান কৰিলে নিজ শাহুক,কিন্তু কিয়?

by Abhilasha das kalita
0 comments

বোৱাৰীয়ে মছলা বতা শিলেৰে মৰিয়াই লেবেজান কৰিলে নিজ শাহুক,কিন্তু কিয়?

মঙলদৈত বোৱাৰীৰ ৰুদ্ৰমুৰ্তি!
মাকৰ ঘৰলৈ ঘনাই যোৱাত বাধা দিয়াৰ বাবে প্ৰহাৰ শাহুক।বাধা দিয়াই কাল হ’ল নেকি?ছয় মহীয়া সন্তান এৰি থৈ মাকৰ ঘৰত গল বোৱাৰী।
গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত শাহু।৬ মহীয়া শিশুক পেলাই থৈ গুচি গল’ বোৱাৰী।
শাহুৱেক কৰিমা বেগমক সংকটজনক অৱস্থাত ভৰ্তি কৰোয়াই মঙলদৈ অসামৰিক চিকিৎসালয়ত।মঙলদৈ ৫ নং ওৱাৰ্ডৰ বাসিন্দা কৰিম আলিৰ পত্নী জৰিফুল বেগমে পিতৃ সহ কেইবাজনো ব্যক্তিৰ সহায়ত শনিবাৰে প্ৰায় ৯/১০ মান বজাত শাহুৱেক কৰিমা বেগমক মচলা পিচা শিলেৰে উপৰ্যুপৰি মুৰ আৰু শৰীৰত আঘাট কৰে।
বোৱাৰী জৰিফুল বেগম আৰু পৰিয়ালে শাহুক মাৰপিট কৰি নিজৰে ৬ মহীয়া কন্যা সন্তানটিক গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত কৰে।শাহুয়েকৰ কাষতে পেলাই থৈ মাকৰ ঘৰলৈ গুচি যায় বোৱাৰী।স্বামী কৰিম আলি ঘৰত নথকাৰ সুযোগ লৈ এই কাণ্ড সংঘটিত কৰে পত্নীয়ে।ঘটনাৰ পিছতেই স্বামী কৰিম আলি ঘৰত উপস্থিত হৈ আঘাতপ্ৰাপ্ত মাতৃক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।
এইক্ষেত্ৰত কৰিম আলিয়ে পত্নীসহ আনকেইজন সহযোগীৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে।মাৰপিতৰ ঘটনা কিয় সংঘটিত হ’ল সেইয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও বোৱাৰী জনী সঘনাই মাতৃ গৃহলৈ গৈ থকাৰ বাবে পূৰ্বৰ পৰা শাহু বোৱাৰীৰ মাজত মতানক্য চলি থকা বুলি জানিব দিয়ে স্বামী কৰিম আলিয়ে।

You may also like