হীৰেন ভট্টাচাৰ্যৰ কবিতা আৰু অনুভৱ।
প্ৰেম এক স্বৰ্গীয় অনুভূতি যাৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই, ইয়াৰ কোনো পৰিসীমা নাই। ই হৈছে এক গভীৰ আবেগ, যিয়ে দুজন মানুহক ইজনে সিজনৰ ওচৰ চপাই আনে। প্ৰেম কেৱল শাৰীৰিক আকৰ্ষণ নহয়, ইয়াৰ লগতে জড়িত হৈ থাকে মৰম, বিশ্বাস,শ্ৰদ্ধা আৰু বুজাবুজি। আজি প্ৰেমৰ কথা এইবাবেই উলিয়াব লগীয়া হ’ল যে আজি বিখ্যাত কবি হীৰেন ভট্টাচাৰ্যৰ মৃত্যুদিন। ১৯৩২ চনৰ ২৮ জুলাইত জন্ম গ্ৰহণ কৰা হিৰেন ভট্টাচাৰ্যৰ ২০১২ চনৰ ৪ জুলাই তাৰিখে মৃত্যু হয়। উক্ত কবিজনে লিখা “তুমিটো জানাই,এই কবিৰ আৰু একো নাই,এটাই মাথোঁ কামিজ,তাৰো ছিগো ছিগো চিলাই,প্ৰেম নিশ্চয় এনেকুৱাই,আৱৰণ খুলি হৃদয় জুৰাই।” এই কবিতাৰ শাৰী কেইটাত আছে প্ৰেমৰ প্ৰতীক বিৱৰণ। আজি হীৰু দা বিহীন ১৩ টা বছৰ। সুগন্ধি পখিলাৰ কবি গৰাকীৰ সাহিত্য কৰ্ম স্মৰণীয় হৈ আছে আৰু চিৰদিনলৈ থাকি যাব। ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰা হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত ।কম বয়সৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ‘সুগন্ধি পখিলা’ৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু প্ৰসাদ ৰাভা বঁটা লাভ।উক্ত সংকলনৰ বাবে ভাৰতীয় বিদ্যা ভৱনৰ পৰা ‘ফাজাজী বঁটা’ লাভ।