Home » সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য

সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য

by pompy das
0 comments

সাৱধান! প্ৰবল বৃষ্টিপাতে কঁপাব ৰাজ্য

যিকোনো মুহূৰ্তত ৰাজ্যত বতৰে ল’ব পাৰে প্ৰতিকূল ৰূপ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি জাৰি কৰিছে বিশেষ সতৰ্কবাণী। ৰাজ্যত যিকোনো মুহূৰ্তত হ’ব পাৰে প্ৰবল বৃষ্টিপাত আহিব পাৰে বতাহ ধুমুহা, বিজুলী ঢেৰেকনি।
ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত আগন্তুক ৫ দিনলৈ আহিব বৰষুণ ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞানে সদৰী কৰিলে এই তথ্য৷ আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ বিভিন্ন স্থানত পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভৱনা৷ বতৰ বিজ্ঞানীয়ে দিয়া সতৰ্কতা অনুসৰি আজি ২৪ ঘণ্টাৰ ভিতৰত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজুলী ধেৰেকণীৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । ঠিক তেনেদৰে আগন্তুক ৮ জুলাইলৈ ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ কিছু কিছু স্থানত বিজুলী ধেৰেকণীৰ লগতে ধাৰাসাৰ বৃৃষ্টিপাত
হোৱাৰ সম্ভাৱনা ।

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map