Saturday, October 11, 2025
Eng
Home » বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

by Abhilasha das kalita
0 comments

বিদেশত পাতত ভাত খালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে

বিদেশ ভ্ৰমণত থকা দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিদিনেই ভিন্ন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছে। শেহতীয়াকৈ ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ আতিথ্য গ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেশখনে প্ৰধানমন্ত্ৰীগৰাকীৰ।

বিদেশ ভ্ৰমণত থকা দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰতিদিনেই ভিন্ন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছে। শেহতীয়াকৈ ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ আতিথ্য গ্ৰহণ কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দেশখনে প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ আয়োজন কৰা এক নৈশ ভোজৰ ভিন্ন ফটো শেহতীয়াকৈ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ থলুৱা কৃষ্টি-সংস্কৃতি অতিকৈ চহকী বুলি অভিহিত কৰি দেশখনৰ খাদ্যৰ অতিকৈ সুস্বাদু বুলি উল্লেখ কৰে। তেওঁ কয় যে, ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ সৈতে যথেষ্ট মিল আছে। তেওঁলোকেও ভিন্ন মাংগলিক কাম-কাজত পাত ব্যৱহাৰ কৰাৰ পৰম্পৰা আছে।

এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ট্ৰিনিদাদ আৰু ট’বাগো দেশৰ প্ৰধানমন্ত্ৰীক ৰাম মন্দিৰৰ মূৰ্তিৰ লগতে মহাকুম্ভৰ গংগা জলো উপহাৰ দিয়ে।

You may also like