উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে
দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীল নীতি গ্ৰহণ কৰি আহিছে বিজেপি চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও অসমৰ প্ৰতিটো চৰকাৰী কাৰ্যালয় দুৰ্নীতিমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছে । আনকি এই ক্ষেত্ৰত প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ দি থৈছে মুখ্যমন্ত্ৰীয়ে । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰে একাংশ চৰকাৰী বিষয়া তথা কৰ্মচাৰীয়ে । ৰাজ্যত অব্যাহত আছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযান।পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।
৬০ হাজাৰ টকা উৎকোচ লৈ হাত ডাঙিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে।ৰঙিয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত চলিছিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। অভিযানত হাতে-লুটে ধৰা পৰিল ডিম্বেশ্বৰ হালৈ নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজন।ইতিমধ্যেৰ মাৰাথন জেৰা অব্যাহত ৰাখিছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ডিম্বেশ্বৰ হালৈক।বন্ধ হৈ পৰিছে ৰঙিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাম-কাজ।