৬ জুলাই, ২০২৫ঃ কাহানিও ঘূৰি নহাৰ প্ৰতিশ্ৰুতি দি এক অজান পথেৰে বহু দূৰলৈ গুচি গ’ল এইগৰাকী বিশিষ্ট চিন্তাবিদ, ইতিহাসবিদ তথা অধ্যাপক ৷ শনিবাৰে নিশা
৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে উদয়াদিত্য ভৰালীয়ে ।কাইলৈ সম্পন্ন হ’ব উদয়াদিত্য ভৰালীৰ শেষকৃত্য। আমেৰিকাৰ পৰা দুই জীয়ৰী আহি পোৱাৰ পাছতহে সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া।
বহু বছৰ ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছিল বিশিষ্ট চিন্তাবিদগৰাকী ৷ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি যোৱা নিশা প্ৰায় ২.৩০ বজাত গুৱাহাটীৰ নিজৰ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে এইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।
এইগৰাকী বিশিষ্ট ব্যক্তিৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে তেওঁৰ আত্মীয় স্বজন তথা পৰিয়ালবৰ্গ ৷ অধ্যাপক উদয়াদিত্য ভৰালীৰ মৃত্য়ুৰ খবৰ পোৱাৰ পাচতে পুৱাৰে পৰা দল সংগঠনৰ লগতে বহু ব্যক্তিয়ে তেওঁৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
১৯৪৭ চনৰ ১ ছেপ্টেম্বৰত শিৱসাগৰত জন্মগ্ৰহণ কৰা অধ্যাপক ভৰালী বৰ্তমান গুৱাহাটীৰ দক্ষিণ শৰণীয়া নিবাসী আছিল ৷ পিতৃৰ কৰ্মসূত্ৰে ভৰালীৰ পৰিয়ালটোৱে বহু ঠাই ভ্ৰমণ কৰিবলগীয়াত পৰিছিল ৷ ফলত তেওঁ মঙলদৈ, ওদালগুৰি, মাজবাট, গহপুৰ, শিৱসাগৰ, গুৱাহাটী, বৰমা, নলবাৰী আৰু বৰপেটাত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিছিল । তেতিয়াৰ কটন কলেজত কলেজীয়া শিক্ষা সাং কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ।