ভৰিত গৰকা, হাতত মাকো, এহাতত ৰাঁচ, চকু তাঁত
অসমীয়া জনজীৱনৰ আদৰৰ সম্পদ ‘তাঁতশাল’। তাঁতশাল অসমীয়া মানুহৰ জাতীয় শিল্পস্বৰূপ। অসমীয়া লোকশিল্পৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। অতীজ অসমত অসমীয়া মহিলাই তাঁত বোৱা নজনাটো এটা লাজৰ কাৰণ আছিল। অসমৰ তাঁতৰ কাপোৰৰ সুখ্যাতি অতি প্ৰাচীন। অসম আক্ৰমণকাৰী মোগলৰ সৈতে বহু মোগল ঐতিহাসিক অসমলৈ আহিছিল। তেওঁলোকে অসমত তৈয়াৰ হোৱা বিবিধ পাটৰ কাপোৰ অতি উচ্চ মানবিশিষ্ট আৰু চীনৰ পাটকাপোৰৰ সমকক্ষ বুলি উল্লেখ কৰিছিল। আহোম ৰাজত্বকালতো আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত অসমৰ বয়ন শিল্পৰ অভূতপূৰ্ব বিকাশ হৈছিল। পুৰণি অসমত অসমীয়া মহিলাই তাঁতশালত একেনিশাই স্বামীৰ বাবে কবচ কাপোৰ বৈ দিয়াৰ কথা বুৰঞ্জীত পোৱা যায়। মহাত্মা গান্ধীয়েও অসমীয়া মহিলাই তাঁত শালত সপোন ৰঙে বুলি প্ৰশংসা কৰিছিল।
তাঁতশালত সপোন ৰচা অসমৰ শিপিনীৰ শিল্পকলা তথা উৎপাদিত সামগ্ৰী এতিয়া সীমাৰ পৰিধি ভাঙি দেশ-বিদেশত সমাদৃত হৈছে । অসমৰ হস্ততাঁত বয়নশিল্প অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে জড়িত হৈ আছে । শেহতীয়াকৈ অসমৰ স্বাভিমান গামোচাই লাভ কৰিছে জি আই টেগ তথা ভৌগলিক সাংকেতিক পৰিচয়। ৰাজ্যখনৰ অৰ্থনীতিত অসমৰ শিপিনীসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। হস্ত তাঁত শিল্পই অকল অসমতে নহয়, ভাৰতবৰ্ষতে এক সুদূৰ প্ৰসাৰী ভূমিকা পালন কৰি আহিছে।
অসমৰ সৰ্বপ্ৰথম এৰি সূতা কটা যঁতৰৰ উদ্ভাৱক হ’ল জ্ঞানানন্দ চৌধুৰী। অসমৰ শিপিনীৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক থকা চৌধুৰীৰ জন্ম হৈছিল ১৯১১ চনৰ ১৯ জুনত বৰপেটাত। তেখেতৰ এটা উল্লেখনীয় আৱিষ্কাৰেৰে অসম তথা গোটেই ভাৰতবৰ্ষতে খ্যাতি লাভ কৰে। অসম চৰকাৰৰ এৰি মুগা, পাট মুগা কটা যন্ত্ৰৰ যোগান ধৰোতা হিচাপে অসম, ভূটান, মেঘালয়, নগালেণ্ড, কৰ্ণাটক আদিত যথেষ্ট সমাদৰ লাভ কৰিছে।
হাতেবোৱা তাঁতশালক আপুৰুগীয়া বাপতিসাহোন বুলি আজিও সাবটি থকা অসমৰ বোৱনীসকল, বিশেষকৈ শুৱালকুছিৰ নিচিনা বয়ন শিল্প প্ৰধান স্থানৰ লোকসকল তাঁতশালত উৎপাদিত বস্ত্ৰৰ ব্যৱসায়েৰে উন্নত জীৱন-যাপন কৰি আছে। সঁচাকৈয়ে শুৱালকুছিয়ে বস্ত্ৰ শিল্প নগৰী হিচাপে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শুৱালকুছিৰ পিছতেই নলবাৰী জিলাৰ ককয়া গাওঁখনে দ্বিতীয় স্থান লাভ কৰাটোও গৌৰৱজনক বিষয়।