৬ জুলাই, ২০২৫ঃ উজনি নামনিৰ সংযোগৰ একমাত্ৰ ব্যৱস্থা হ’ল পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ নং ৩৭ আৰু নতুন চাৰি লেন যুক্ত ৰাস্তা হ’ল ৭০১। কেইবাটাও ঠিকাদাৰী প্ৰতিষ্ঠানে উক্ত ৰাস্তাৰ দেৰগাঁৱৰ পৰা জাঁজী লৈকে ৰাস্তা চোৱা বনাবলৈ ঠিকা লৈছিল যদিও অতি নিম্ন মানৰ কাম সম্পন্ন কৰি কোটি কোটি টকা শৰাধ কৰিলে।
ঠিকাদাৰী প্ৰতিষ্ঠানৰ পকেট গৰম হ’ল,বেংক বেলেঞ্চ ঠিকেই বাঢ়িল কিন্তু সমস্যা নকমিল সাধাৰণ ৰাইজৰ। এজাক বৰষুণতেই তৰপে তৰপে খহি যাবলৈ ধৰিলে ৰাষ্ট্ৰীয় ঘাইপৰ একাংশ পথ। যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ পৰা প্ৰায় পঞ্চাশ মিটাৰ আগত ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ ৰাস্তা বৰষুণত খহি গৈছে।
উজনিৰ ৰাজহাড় স্বৰূপ এই ৰাস্তা চোৱাৰ সম্পূৰ্ণ হোৱাৰ মাত্ৰ কেইমাহ মান বাগৰি গৈছে। যদি কেতিয়াবা ফ্লাই অভাৰৰ ওপৰত ফাট মেলিছে আকৌ কেতিয়াবা ব্লেক টেপিঙ খহিছে। ছতাই অঞ্চলত নিম্ন মানদণ্ডৰ কামৰ বাবে তৰপ আঁতৰি যোৱাত স্থানীয় লোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে উক্ত পথৰ পৰা।