ANTI AGING কি আৰু ইয়াৰ দৰৱৰ প্ৰভাৱ।
Anti aging বুলিলে পৰাপক্ষত বাধক্য বিৰোধী বুলিয়েই ধৰি ল’ব পাৰি। পুৰুষ মহিলা উভয়েই ডেকা গাভৰু বা চিৰ তৰুণ হৈ থাকিব বিচাৰে। ষ্ট্ৰেচ,টেনশন,অৱসাদ আৰু অতিমাত্ৰা শৰীৰক কষ্ট দিলেও মানু্হ কম বয়সতে বেছি বয়স্ক যেন দেখা যায়।আৰু সেই বয়স্কতাৰ প্ৰভাৱ মানুহৰ মুখ মণ্ডলৰ লগতে শৰীৰত পৰা দেখা যায়।বিশেষকৈ চিনেমা জগতত জঢ়িত মানুহৰ ৰূপ লাৱণ্য অটুট ৰাখিবলৈ যথেষ্ট কষ্ট অভিনেতা ও অভিনেত্ৰী সকলে কৰে।সেই হেতু নানান ক্ৰীম,প্ৰসাধন সামগ্ৰী আদি ব্যৱহাৰ কৰে।কিন্তু আজি কালি কিছুলোকে প্ৰসাধন সামগ্ৰীৰ ওপৰিও ANTI AGING টেবলেট আৰু বেজী ব্যৱহাৰ কৰা দেখা গৈছে।।বিশেষকৈ চিনেমাৰ তাৰকা সকলৰ মাজত।যৌৱন ধৰি ৰাখিবলৈ সেৱন কৰা উক্ত দৰৱ সমূহ সেৱন কৰি ‘কান্তা লগা ‘ গানেৰে হিট হোৱা শেফালি নামৰ অভিনেত্ৰী গৰাকীৰ অকাল মৃত্যু হ’ল।নিশ্চিত ভাৱে সুয্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে আমাৰ ছালত বিৰূপ প্ৰভাত পেলায়।কিন্তু আমি নিয়মিত যোগাসন,নিৰ্দিষ্ট সময়ৰ টোপনি,শাৰীৰিক ব্যায়াম,ভাল খাদ্য গ্ৰহণ কৰি আমি নিজৰ দেহাটো সুস্থ,উজ্জ্বল কৰি ৰাখিবলৈ চেষ্টা কৰিব পাৰোঁ।উচ্চ SPF যুক্ত ক্ৰীম,লোচন ব্যৱহাৰ কৰিও আমি সূৰ্য্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা চাল খন ৰক্ষা কৰিব পাৰোঁ।আহক চোন আজিৰ পৰা আমি নিজৰ ছালৰ প্ৰতি সচেতন হও আৰু ৰাসায়নিক সামগ্ৰীৰে চিৰ তৰুণ হৈ থকা প্ৰক্ৰীয়া বাদ দিও।