কৰ্কট ৰোগ মানে ভয়ৰ কাৰণ নেকি?
কৰ্কট ৰোগৰ কাৰক কি? এই ৰোগৰ চিকিৎসাৰ পদ্ধতি কি কি?
কৰ্কট ৰোগ বা কেঞ্চাৰ ই হৈছে এক মাৰাত্মক বেমাৰ ৷ এবাৰ কোনো লোক কৰ্কট ৰোগত আক্ৰান্ত হ’লে এই ৰোগ নিৰাময় কৰাৰ সম্ভাৱনা ক্ষীণ হৈ পৰে৷
এই মাৰাত্মক বেমাৰে এজন লোকক শাৰীৰিকভাৱেই নহয় মানসিক ভাৱেও ভাঙি পেলাই৷
অৱশ্যে, যদি কোনো লোকে প্ৰাথমিক পৰ্যায়ত এই মাৰাত্মাক ৰোগটোক চিনাক্ত কৰিব পাৰে, তেন্তে তেওঁক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিব পাৰি৷
এতিয়া প্ৰশ্নটো হয়, যেতিয়া কৰ্কট ৰোগে মহামাৰীৰূপ ধাৰণ কৰে, আপুনি মই কেনেকৈ জীয়াই থাকিম? সেইকাৰণে চিকিৎসকসকলে পৰামৰ্শ দিছে যে ইয়াক লৈ শংকিত হোৱাতকৈ নিজকে স্বাস্থ্যৱান ৰখাটো অধিক গুৰুত্বপূৰ্ণ। সেয়েহে, যদি শৰীৰত কোনো ৰোগ হয়, বিশেষকৈ যদি কোনো উদ্বেগজনক লক্ষণ দেখা পোৱা যায়, আপুনি শীঘ্রেই চিকিৎসকৰ পৰামর্শ ল’ব।
কিন্তু কৰ্কট ৰোগৰ লক্ষণবোৰ কেনেকৈ জানিব? এটা আন্তৰ্জাতিক স্বাস্থ্য ৱেবছাইটত ১০ টা মূল লক্ষণ উল্লেখ কৰা হৈছে কৰ্কট ৰোগৰ। যিবোৰৰ দুটা বা তাতোধিক লক্ষণ আপোনাৰ শৰীৰত দেখা দিলে কর্কট ৰোগত আক্রান্ত হোৱাটো নিশ্চিত, কিন্তু আপুনি ভয় নকৰি ডাক্তৰৰ প্ৰয়োজনীয় চিকিৎসা আৰু পৰামর্শ গ্রহণ কৰক।
গতিকে জানো আহক সেই দহটা মূল লক্ষণ –
১.দীৰ্ঘসময় ভাগৰ লগা :
যদি আপুনি দীঘলীয়া সময় ধৰি ভাগৰুৱা বা অৱসাদত ভুগি আছে, ই বহুতো ৰোগ সৃষ্টি কৰিব পাৰে, হয়তো কৰ্কট ৰোগৰো কাৰণ হব পাৰে।
২. হঠাতে ওজন হ্ৰাস:
যদি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ হঠাতে দ্ৰুত গতিত ওজন হ্ৰাস পাইছে, তেন্তে পৰীক্ষা কৰাই লওঁক।
৩. দীৰ্ঘম্যাদী বিষ:
যদি আপুনি কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি বিষত ভুগি আছে, আনকি ঔষধ খোৱাৰ পিছতো উপশম পোৱা নাই, ইয়াৰ বিষয়ে চিন্তা কৰাৰ কাৰণ আছে।
৪.অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা:
যদি আপুনি শৰীৰৰ এটা অংশত অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা দেখা পায় বা এনে পৰিৱৰ্তন অনুভৱ কৰে, ই আপোনাৰ বাবে অবাঞ্ছিত কিবা ৰোগৰ লক্ষণ।
৫. সঘনাই জ্বৰ:
কৰ্কট ৰোগত আক্রান্ত হলে শৰীৰত স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়। ইয়াৰ ফলত সঘনাই জ্বৰ হয়। ৰত সঘনাই জ্বৰ হয়।
৬. ছালৰ পৰিৱৰ্তন:
বহুলোকে ছালৰ কৰ্কট ৰোগৰ বিষয়ে অৱগত নহয়। এনে কৰ্কট ৰোগ চিনাক্ত কৰাৰ বাবে ছালৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে নেকি লক্ষ্য কৰক৷ । যদি ইয়াৰ ৰং, দেখাত অস্বাভাৱিক পৰিৱৰ্তন হয়, তাৎক্ষণিক চিকিৎসা লওঁক।
৭. দীৰ্ঘম্যাদী কাহ:
যদি আপোনাৰ ঔষধ গ্ৰহণ কৰা পিছতো কাহৰ পৰা আৰোগ্য লাভ কৰা নাই আৰু যদি এই কাহৰ ফলত আপোনাৰ বুকু, পিঠি বা কান্ধত বিষ হয়, চিকিৎসকৰ পৰামৰ্শ লওঁক।
৮. মলমূত্র ত্যাগৰ অভ্যাসৰ পৰিৱৰ্তন:
যদি আপুনি শৌচ বা প্ৰস্ৰাৱৰ বাবে সঘনাই শৌচাগাৰলৈ যাব লগা হয়, ই কৰ্কট ৰোগৰ কাৰণ হব পাৰে।
৯. বিনা কাৰণত ৰক্তক্ষৰণ:
যদি কাহৰ সময়ত ৰক্তক্ষৰণ হয়, ই কৰ্কট ৰোগৰ এক মুখ্য লক্ষণ।
১০. খোৱাৰ সমস্যা:
যদি খাদ্য খোৱাৰ সময়ত নিয়মীয়াকৈ বদহজমত ভোগে, ই পেট, ডিঙিৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে।