Home » ‘কেপ্তেইন কুল’ৰ ওপজা দিন

‘কেপ্তেইন কুল’ৰ ওপজা দিন

৪৪ বৰ্ষীয় হ’ল মহেন্দ্ৰ সিং ধোনী

by admin
0 comments

‘কেপ্তেইন কুল’ৰ ওপজা দিন
৪৪ বৰ্ষীয় হ’ল মহেন্দ্ৰ সিং ধোনী

আজি ‘কেপ্তেইন কুল’ মহেন্দ্ৰ সিং ধোনীৰ ওপজা দিন ।
৪৪বৰ্ষীয় হ’ল টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়কগৰাকী।
মহেন্দ্ৰ সিং ধোনীৰ জন্ম ১৯৮১চনৰ ৭ জুলাইত ।
মহেন্দ্ৰ সিং ধোনীক মৰমেৰে সংক্ষিপ্ততে সকলোৱে ‘মাহী’ বুলি সম্বোধন কৰে।
তেওঁক ‘থালা’ বুলিও জনা যায় ।
২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া আন্তর্জাতিক ক্রিকেটত আত্মপ্রকাশ লাভ কৰে ‘কেপ্তেইন কুল’ ধোনীয়ে।
সীমিত অ’ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ FINISHERসকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়।
এদিনীয়া আৰু টেষ্ট ক্ৰিকেটৰ পৰা ইতিমধ্যে অৱসৰ লৈছে ক্ৰিকেটৰ ছুপাৰষ্টাৰগৰাকীয়ে।
আক্রমণাত্মক ল’ৱাৰ অৰ্ডাৰ বেট্‌ছমেন আৰু উইকেটকিপাৰ হিচাপে খ্যাত ।
‘হেলিকপ্টাৰ শ্ব’ট’ৰ বাবে খ্যাত ক্ৰিকেটাৰ গৰাকী।
২০০৭ বৰ্ষৰ প্ৰথম T-20 WORLD CUPত জয়লাভ ধোনীৰ নেতৃত্বত ।
ধোনীৰ নেতৃত্বত ২০১১ চনত বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল ভাৰতে ।
ধোনিয়ে ৭৯ বলত অপৰাজেয় ৯১ ৰাণ কৰি ভাৰতৰ জয়লাভত প্ৰচুৰ অৰিহণা যোগায় ।
ইয়াৰ বাবে তেওঁ ফাইনেলৰ ‘মেন অৱ দ্য মেচ’ ঘোষিত হয়।
২০১১ চনৰ ১ নৱেম্বৰত ভাৰতীয় স্থলসেনাই তেওঁক সন্মানীয় লেফটেনেন্ট কর্ণেল ৰেংক প্ৰদান কৰে।
২০১৪ চনৰ জুনত ফ’ৰ্বছ আলোচনীয়ে সৰ্বাধিক মাননি লাভ কৰা এথলীট তালিকাত ধোনীক ২২নং স্থানত ৰাখে ।
ভাৰতীয় ক্ৰিকেটৰ দ্বিতীয় গৰাকী মহাতাৰকা হিচাপে ক্ৰিকেটানুৰাগীৰ হৃদত ধোনীৰ নাম ।
ক্ৰিকেটাৰ গৰাকীক ওপজা দিনত অনুৰাগীৰ শুভেচ্ছা।

– MADHUSMITA KALITA

You may also like

Leave a Comment

About Us

Assam Talks is an Indian Assamese-language news channel based in Guwahati.

Recent Posts

Guide Map