ভাৰতীয় নৌসেনাত প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট নিযুক্তি
ভাৰতক গৌৰাম্বিত কৰা এক বাতৰি ৷ ভাৰতৰ সুৰক্ষা বাহিনীত সংযোজিত হৈছে এক নতুন অধ্যায় ৷ ভাৰত নৌ সেনা বাহিনীত নিযুক্তি দিয়া হৈছে এগৰাকী মহিলাক ৷ ভাৰতে লাভ কৰিলে দেশৰ প্ৰথমগৰাকী মহিলা ফাইটাৰ পাইলট।নাম আস্থা পুনিয়া। আস্থা পুনিয়াই নৌ সেনাৰ প্রথম গৰাকী ফাইটাৰ পাইলট ৰূপে নিযুক্তি লাভ কৰিছে ৷ আৰু ই প্ৰতিগৰাকী দেশবাসীৰ বাবে এক গৌৰবৰ বিষয় ৷ ইয়াৰ পূর্বে কোনো মহিলাই উৰুওৱা নাছিল ফাইটাৰ জেট ৷ ভাৰতীয় নৌসেনাত ইতিমধ্যে গোপন বিমান আৰু হেলিকপ্টাৰ উৰুওৱা মহিলা পাইলট আছে, কিন্তু আস্থাই যুদ্ধ বিমান উৰুৱাব ।
আস্থা পুনিয়া নৌ সেনা বাহিনীৰ অন্য বিমান আৰু হেলিকপ্টাৰৰ পাইলট আগৰে পৰাই আছিল ৷ কিন্তু আস্থাই এতিয়া যুঁজাৰু বিমান উৰুওৱাবলৈ সাজু হৈছে ৷ ইয়াৰ লগে লগেই আস্থাৰ দ্বায়িত্ব আৰু দুগুণ বাঢ়িল ৷ ভাৰতীয় নৌ সেনাই এই বাতৰি চচিয়েল মিডিয়াৰ জৰিয়তে ব্যক্ত কৰে ৷ ভাৰতীয় নৌ সেনাই X ত এটা পোষ্টৰ জৰিয়তে আস্থা পুনিয়াক জনায় অভিনন্দন ৷
আস্থা পুনিয়াক কোনখন ফাইটাৰ জেট উৰুওৱাবলৈ দিয়া হ’ব বৰ্তমানলৈকে সদৰি কৰা নাই নৌ সেনা অধিকাৰীয়ে ৷ কিন্তু অনুমান অনুযায়ী বিশেষ ফাইটাৰ জেট INS বিক্রমাদিত্য আৰু INS বিক্ৰান্তৰ জৰিয়তে উৰা মাৰিব পাৰে আস্থা পুনিয়াই ৷ আস্থা পুনিয়াৰ এই কৃতিত্বয়ে নিশ্চয়কৈ নৱ প্রজন্মৰ মাজত এক নতুন ধাৰা লৈ আনিব ৷