ৰঙা জিঁয়া কবি মহিম বৰা
হঠাৎ খলকে বুকু তীব্ৰ বেদনাত—
অৱশিষ্ট আৰু এটি ৰ’ল জানো তাত
তাহানিৰ জীয়নীয়া মাছ?
জ্বলিছিল সেই স্বপ্ন জানো
ফৰ্মুঠি হাকুটিয়ে ঢুকিকে নোপোৱা
সেন্দূৰীয়া আমৰ থোপাত।
ৰামধেনু যুগৰ পৰাই স্বকীয় সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰা আৰু অসমীয়া সাহিত্যক বিশ্ব সাহিত্যৰ বুকুত স্থান দিবলৈ অহোপুৰুষাৰ্থ কৰা মহিম বৰা (Mahim Bora) -য়েই অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়ায় থৈ গৈছে মেটমৰা এক সম্ভাৰ। অসমীয়া সাহিত্য জগতত ‘ৰঙা জিঞা’ -ৰ কবি আৰু ‘কাঠনিবাৰী ঘাট’ -ৰ স্ৰষ্টা হিচাপে পৰিচিত মহিম বৰাই নিজৰ অনন্য আৰু অনবদ্য সৃষ্টিৰাজীয়ে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনত এক দখল কৰিছে এক সুকীয়া স্থান।
সূক্ষ্ম অন্তৰ্দৃষ্টি, সুগভীৰ পৰ্যৱেক্ষণ আৰু স্বকীয় ৰচনাশৈলীৰে পাঠক সমাজৰ অন্তৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা মহিম বৰাৰ সৃষ্টিৰাজী সমৃদ্ধ অসমৰ গাঁৱলীয়া জীৱনৰ বর্ণাঢ্য অভিজ্ঞতা আৰু গ্রাম্য পৰিৱেশৰ বৰ্ণনাৰে। শৈশৱৰ পৰা সাহিত্য চৰ্চাত মনোনিবেশ কৰা মহিম বৰাই মলয়া’ নামৰ হাতে লিখা আলোচনী এখন প্রকাশ কৰি উলিয়াইছিল সপ্তম শ্ৰেণীত পঢ়ি থকাৰ সময়তে। ইয়াৰ ওপৰিও ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ সম্পাদিত শিশু আলোচনী ‘ৰংঘৰ’ -ৰ সহঃসম্পাদকৰ দায়িত্ব পালন কৰিছিল মহিম বৰাই। ইয়াৰ ওপৰিও মহিম বৰা নতুন অসমীয়া বাতৰি কাকতৰ সম্পাদনাৰ লগতো জড়িত হৈ আছিল। মহিম বৰাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ দ্বাৰা প্রচাৰিত গাঁৱলীয়া ৰাইজৰ অনুষ্ঠানৰ অংশকালীন পৰিচালক হিচাপেও কাম কৰিছিল। ‘ধনবৰ ককাই’ছদ্মনামেৰে অনুষ্ঠান পৰিচালনা কৰিছিল বাবে তেওঁ ৰাইজৰ মাজত ধনবৰ ককাই হিচাপেও সমাদৃত আছিল।